যেনে ৰূপতেই উপস্থাপন নকৰক কিয়, জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ যিকোনো ৰচনা এখনৰ ওপৰত মন্তব্য দিয়াটো মোৰ দৰে সাধাৰণ লেখিকা এগৰাকীৰ বাবে সহজ কথা নহয়৷ কিন্তু আগৰৱালাদেৱৰ বিখ্যাত নাটক ‘কাৰেঙৰ লিগিৰী’ৰ উপন্যাসৰ ৰূপত ইংৰাজীতে লিখা গ্রন্থখনি দেখি আকর্ষিত হ’লোঁ আৰু পঢ়ি পেলালোঁ৷ লগে লগেই মোৰ কিতাপখনৰ ওপৰত ক্বিা এটা লিখিবৰ মন গ’ল৷ লেখকজনো আকৌ এজন সামৰিক বিষয়া– কর্নেল জগদীশ কাকতি৷ তেখেতৰ এক সুন্দৰ প্রয়াসৰ ফলস্বৰূপে ইংৰাজীতে প্রকাশ হোৱাThe Palace Maid পঢ়ি মোৰ বৰ ভাল লাগিল৷ সহজ–সৰল ইংৰাজীৰে লিখা এখন মনোৰম উপন্যাস৷ বেটুপাতৰ ছবিও অতি সুন্দৰ আৰু অর্থৱহ৷
‘কাৰেঙৰ লিগিৰী’ বুলিলেই আমাৰ মনলৈ আহে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱ বিৰচিত এখন কালজয়ী নাটক– এই নাটকৰ মঞ্চস্থ ৰূপ অতি আকর্ষণীয় আৰু চামে চামে দর্শকে অথবা নাট্যানুৰাগী লোকে এইখন উপভোগ কৰিছে আৰু ইয়াৰ ৰস পান কৰিছে৷ ই এক অজৰ–মৰ কাহিনী৷ কিন্তু সেয়া হ’ল নাটক আৰু এয়া হ’ল এক উপন্যাস৷ আটাইতকৈ ডাঙৰ কথা, এইখন ৰচিত হৈছে ইংৰাজী ভাষাত৷ প্রকৃততে গ্রন্থখনৰ নাট্যৰূপৰ পৰা গদ্যৰূপলৈ অর্থাৎ উপন্যাস ৰূপলৈ ৰূপান্তৰ কৰিলে ৰত্না দত্তই৷ কিন্তু এই উপন্যাসৰ ইংৰাজীলৈ অনুবাদ কৰিলে কর্নেল জগদীশ কাকতিয়ে৷ তেখেতৰ এই কামৰ পৰা বুজিব পাৰি, এই উপন্যাসখনৰ মহত্ত্ব ইমানেই বেছি যে কর্নেল কাকতিৰ দৰে সামৰিক বিষয়া এজনো আকৃষ্ট হ’ল আৰু পঢ়াতে ক্ষান্ত নাথাকি ইংৰাজীলৈ অনুবাদ কৰিলে৷ অর্থাৎ ইংৰাজী মাধ্যমৰ পঢ়ুৱৈ সমাজ এখনেও যাতে এই গ্রন্থখনিৰ ৰস পান কৰিব পাৰে সেয়ে এই কাম কৰিবলৈ আগবাঢ়ি আহিল৷ পৰিণামত এখন সুন্দৰ, সাৱলীল উপন্যাসৰ সৃষ্টি৷
কাহিনীটোৰ মাজেৰে অসমকে ধৰি উত্তৰ–পূবৰ ৰাজ্যকেইখনত আহোম ৰাজত্বৰ সময়ত চলা কিছুমান ৰীতি–নীতি, ৰাজকীয় আও–ভাও, সামাজিক স্থিতি, প্রেম–ভালপোৱা, হিংসা–বিদ্বেষ আদিক ভালকৈ উদঙাই দিয়া হৈছে৷ ৰজাঘৰীয়া আদব–কায়দা, শাসন–পোষণো ইয়াত সোমাই পৰিছে৷
এই উপন্যাসখনত ৰাজমাও, ৰাজকুমাৰৰ পৰা চাউদাং, লিগিৰা–লিগিৰীলৈ বহুত চৰিত্রৰ সমাহাৰ হৈছে৷ ৰাজকুমাৰৰ বন্ধু অনংগ আৰু সুদর্শন, বুঢ়াগোহাঁইৰ জীয়ৰী কাঞ্চনমতী আদিৰো যথেষ্ট গুৰুত্ব আছে৷ আৰু আছে গ্রন্থখনৰ নামেই কোৱাৰ দৰে কাৰেঙৰ লিগিৰী সেউজী, ৰেৱতী আদিৰ সহিতে শেৱালিৰ বিষয়ে সুন্দৰ বর্ণনা৷
উপন্যাসখনৰ মূল চৰিত্র সুন্দৰৰ মাজেৰে ধীৰ–স্থিৰ, সুঠাম–সুন্দৰ শাস্ত্র জ্ঞানত পার্গত এক আঁকোৰগোজ মনোভাবৰ ৰাজপুত্রৰ ছবি যেনেকৈ মনত ভাহি উঠে, তেনেকৈ ৰাজমাওৰ সবল চৰিত্রৰ দ্বাৰা পুতেকক বিয়াত বহিবলৈ বন্ধু অনংগ আৰু সুদর্শনৰ যোগেদি মান্তি কৰোৱা কার্যই মাতৃৰ হূদয়ত পুত্রৰ প্রতি থকা কর্ত্ব্য আৰু মৰম দুয়োটাই প্রকট হৈছে৷ আকৌ বুঢ়াগোহাঁইৰ ৰূপৱতী কন্যা কাঞ্চনমতীৰ গহীন–গম্ভীৰ স্বভাৱ, ঘৰুৱা কার্যত পার্গত অথচ প্রয়োজনত নিজৰ প্রাণ দিব পৰাকৈ দৃঢ়মনৰ মূর্তি এটি ভাহি উঠে৷ আনহাতে শেৱালি? এই চৰিত্রই হৈছে এক মুখ্য চৰিত্র, যি অন্যবোৰ চৰিত্রৰ চেপাত সোমাই পৰিছে উপন্যাসৰ প্রথম অৱস্থাত৷ কিন্তু প্রকৃততে শেৱালিৰ চৰিত্রই এক অঘোষিত আৰু প্রতিদান নিবিচৰা প্রেমৰ এক জ্বলন্ত প্রতিমূর্তিক এনেভাৱে প্রতিফলিত কৰিছে যেন অতি সুন্দৰী, লাহী, সৰলমনা ছোৱালীজনীয়ে তেওঁৰ মালিক অর্থাৎ ৰাজপুত্রৰ বাবে যিকোনো কাম কৰিবলৈ প্রস্তুত৷ কাৰণ তেওঁৰ মতে ৰাজপুত্রৰ কামখিনি সুকলমে কৰিব নোৱাৰিলে কিহৰনো কাৰেঙৰ লিগিৰী হ’ল? তাইৰ এই কর্ত্ব্যনিষ্ঠাই কেতিয়া প্রেমৰ ৰূপ লৈছে সেয়া তাই নিজেও নাজানে৷ আৰু আচলতে সেয়া প্রেম নে লিগিৰীৰ মালিকৰ প্রতি কর্ত্ব্যনিষ্ঠাহে সেয়াও তাইৰ বাবে এক বিৰাট ডাঙৰ প্রশ্ণ হৈ ৰ’ল৷ এই উপন্যাসত ৰাজহাউলিৰ অন্দৰমহলত চলা দৈনন্দিন জীৱনৰ এটি ছবি ভালকৈ পৰিস্ফুট হৈছে৷ বন্ধুসকলৰ ৰাজপুত্রৰ প্রতি মৰম–চেনেহ, বিশ্বাস কোনো সময়ত ৰাজপুত্রৰ আঁকোৰগোজ স্বভাৱৰ বাবে বিদ্বেষ– এই সকলো ফুটি উঠিছে৷ সেয়েহে কাঞ্চন আৰু সুন্দৰৰ বন্ধু অনংগৰ মাজত থকা প্রেম অত্যন্ত গভীৰ হোৱা সত্ত্বেও পৰিণতি কি হ’ল, উপন্যাসখনৰ মাজেৰে লেখকে সুন্দৰভাৱে বর্ণনা কৰিছে৷ উপন্যাসখনৰ প্রকৃত নায়িকা কাৰেঙৰ লিগিৰী The Palace Maid) শেৱালিৰ জীৱনৰ শেষ ক’ত, কেনেকৈ, কিয় হ’ল সেয়াও এক ৰহস্য৷
উপন্যাসখন আৰম্ভ হৈছিল ৰজাঘৰীয়া আচ্বাবেৰে ঠাহ খাই থকা ৰাজহাউলিত আৰু শেষ হৈছে নগা ৰাজ্যৰ অনির্বচনীয় সুন্দৰ সেউজীয়া পাহাৰ আৰু ফটফটীয়া নির্মল পানীৰ জান–জুৰিৰ সংমিশ্রণত৷ পাহাৰীয়া ভাই–ভনীৰ মৰম–চেনেহ আৰু অকৃত্রিম জীৱনশৈলীৰ মাজত৷
গ্রন্থখনৰ মুখ্য আকর্ষণ হৈছে ভাষা৷ জ্যোতিপ্রসাদৰ গ্রন্থ এখন ইংৰাজী ভাষাৰে সাৱলীলভাৱে বর্ণনা কৰা তেনেই সাধাৰণ কথা নহয়৷ কাৰণ মূল ভাষাটি (অসমীয়া) এক্বোৰে সহজ–সৰল আৰু ইংৰাজীত সেই সময়ৰ পৰিৱেশবোৰ বুজোৱাটো যথেষ্ট টান৷ গ্রন্থখনত আৰু এটা কথা বৰ ভাল লাগিল– উপন্যাসখনৰ প্রতিটো চৰিত্রকে বেলেগে বেলেগ উপস্থাপন কৰিছে আৰু নাম দিছে৷ পঢ়ুৱৈৰ বাবে তেওঁলোকৰ চৰিত্রৰ ভিতৰলৈ সোমাই যোৱাত যথেষ্ট সুবিধা হৈছে৷
কর্নেল জগদীশ কাকতিয়ে অশেষ কষ্ট কৰি গ্রন্থখনৰ মূল ভাবটোৰ কোনো হীন–দেঢ়ি নোহোৱাকৈ এনে এখন গ্রন্থ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে মই তেখেতক অলেখ কৃতজ্ঞতা জনাইছোঁ৷ এনে এখন কালজয়ী নাটকৰ গ্রন্থৰূপ অসমীয়াৰ উপৰি ইংৰাজী মাধ্যমতো উপলব্ধ হোৱা বাবে আজিৰ প্রজন্মৰ পঢ়ুৱৈসকলৰ যথেষ্ট সুবিধা হ’ব৷ এই গ্রন্থখন সাহিত্যৰ সমাজখনলৈ এটি ডাঙৰ অৱদান৷ মই কর্নেল জগদীশ কাকতিলৈ অনুৰোধ জনাম, যাতে তেখেতৰ কলম ৰৈ নাযায় আৰু তেখেতৰ এনে ধৰণৰ লেখাই সাহিত্যৰ জগতখন আৰু উজলাই ৰাখিব৷
আৰু এটা কথা– গ্রন্থখন গ্রন্থ–বিপণীত বিচাৰি হাবাথুৰি নাখাব৷Flipkart, Amazon আৰু প্রকাশকৰ নিজা প্রেছNotionpressতহে উপলব্ধ৷ ৰাইজৰ সুবিধাৰ কাৰণে লেখকৰ ম’বাইল নম্বৰ ইয়াতেই সংযোগ কৰি দিছোঁ৷ ৯৫৭৭০–৭০২৭১ত তেখেতৰ সৈতে কথা পাত্বি পাৰে৷ শেষত আশা ৰাখিছোঁ যেন গ্রন্থখন ৰাইজে মৰমেৰে আদৰি লয়৷
ফোন- ৯৮৬৪০–১২৯৬৮