নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰবি শাস্ত্ৰীৰ পাছত এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ হ’ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক!

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ এই বছৰৰ টি-২০ বিশ্বকাপৰ পিছতেই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ কাৰ্যকাল সমাপ্ত হ’ব। টি-২০ বিশ্বকাপৰ পিছত প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ চুক্তি সমাপ্ত হ’ব। ইয়াৰ মাজতে ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোৰ নতুন প্ৰশিক্ষক কোন হ’ব তাক লৈও জল্পনা-কল্পনা চলি আছে।

বাতৰি অনুসৰি দুগৰাকী প্ৰাক্তন খেলুৱৈৰ ভিতৰত এজনক ব’ৰ্ডে প্ৰশিক্ষকৰ দায়িত্ব দিয়াৰ সম্ভৱনা আছে।

সংবাদসংস্থা পিটিআইৰ মতে, প্ৰাক্তন অভিজ্ঞ স্পিনাৰ আৰু টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক অনিল কুম্বলে আৰু প্ৰাক্তন বেটছমেন ভিভিএছ লক্ষ্মণক প্ৰশিক্ষকৰ যোগ্য প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছে।

উল্লেখ্য যে প্ৰশিক্ষক ৰূপে কুম্বলেৰ বহু অভিজ্ঞতা আছে। তেওঁ দীৰ্ঘদিন ধৰি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দলসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। তেওঁ বৰ্তমান ফ্ৰেঞ্চাইজি দল পাঞ্জাৱ কিংছৰ মুখ্য প্ৰশিক্ষক হিচাপে কাম কৰি আছে। ইপিনে ভিভিএছে লক্ষ্মণে বৰ্তমান ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পৰামৰ্শদাতা হিচাপে কাম কৰি আছে।

You might also like