নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত বিধ্বস্ত বজাৰ অর্থনীতি

বাঢ়িয়ে আছে ইন্ধন–স্বর্ণৰ দাম, পতন ঘটিছে টকাৰ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ আমেৰিকা যুক্তৰাষ্ট্র আৰু ইৰানৰ সংঘাতে মধ্যপ্রাচ্যত সৃষ্টি কৰা যুদ্ধসদৃশ পৰিৱেশৰ বিৰূপ প্রভাৱ পৰিছে ভাৰতৰ বজাৰ অর্থনীতিত ৷ ইতিমধ্যে আর্থিক মন্দাৱস্থা চলি থকা দেশখনৰ অর্থনীতি আৰু অধিক অৱনতি ঘটিছে ৷ একপ্রকাৰ দেশৰ বজাৰ অর্থনীতি বিধ্বস্ত ৰূপ লৈ ইন্ধন–সোণৰ অস্বাভাৱিক মূল্যবৃদ্ধি হোৱাৰ সমান্তৰালকৈ ছেনছেক্স অভাৱনীয় হাৰত নিম্নগামী হৈছে ৷ তদুপৰি আন্তর্জাতিক বজাৰত ভাৰতীয় টকাৰ মূল্য প্রতি মার্কিন ডলাৰৰ বিপৰীতে হ্রাস পাইছে ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাৰ বোমা আক্রমণত ইৰানৰ সেনাৰ মুৰব্বীজন নিহত হোৱাৰ পাছতে দুয়ো দেশৰ মাজত আক্রমণ–প্রত্যাক্রম চলি আছে ৷ দুই দেশৰ এই সংঘাতৰ পৰিণতিত মধ্যপ্রাচ্যৰ দেশসমূহত সৃষ্ট উত্তেজনাময় পৰিৱেশৰ বাবে গোলকীয় বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি পাইছে ৷ মধ্যপ্রাচ্যত ইন্ধনৰ মূল্য প্রতি বেৰেলত ২.৪ শতাংশ বৃদ্ধি হৈ ৭০.২৪ মার্কিন ডলাৰ স্পর্শ কৰিছে ৷ বিশ্বৰ বিভিন্ন দেশত ইয়াৰ প্রভাৱ পৰাৰ লগতে ৮০ শতাংশ ইন্ধনৰ আমদানিৰ ওপৰত নির্ভৰশীল ভাৰততো এই প্রভাৱ স্পষ্ট হৈ পৰিছে ৷

বিগত চাৰি দিন ধৰি পেট্র’ল আৰু ডিজেলৰ দাম ভাৰতত বৃদ্ধি পাই আছে ৷ সোমবাৰে দেশৰ ভিন্ন প্রান্তত ১১ৰ পৰা ১৬ পইচাকৈ প্রতিলিটাৰ পেট্র’লত আৰু প্রতিলিটাৰ ডিজেলত ১৭ৰ পৰা ১৯ পইচালৈ বৃদ্ধি পাইছে ৷ দেশৰ ৰাজহুৱা তেল কোম্পানী ইণ্ডিয়ান কর্প’ৰেচনৰ তথ্য মতে ৰাজধানী দিল্লীত সোমবাৰে প্রতিলিটাৰ পেট্র’লত ১৫ পইচা বৃদ্ধি হৈ ৭৫.৬৯ টকা হৈছে ৷ এই মূল্য হৈছে বিগত ২০১৮ চনৰ নৱেম্বৰৰ পাছত সর্বাধিক ৷ ইপিনে প্রতিলিটাৰ ডিজেলত ১৭ পইচা বৃদ্ধি হৈ নতুন দিল্লীত প্রতিলিটাৰ ডিজেলৰ মূল্য হৈছে ৬৮.৮৮ টকা ৷ লক্ষণীয় যে মুম্বাইত প্রতিলিটাৰ পেট্র’লৰ মূল্য ৮১.২৮ টকাৰ বিপৰীতে প্রতিলিটাৰ ডিজেলৰ মূল্য ৭২.০২ টকা ৷ আন এখন মেট্র’ চহৰ কলকাতাত সোমবাৰে প্রতিলিটাৰ পেট্র’লত ১৫ পইচা বৃদ্ধি হৈ বর্ধিত মূল্য হৈছে ৭৮.৮২ টকা আৰু ডিজেলত ১৭ পইচাকৈ বৃদ্ধি হৈ প্রতিলিটাৰ ডিলেজৰ মূল্য হৈছে ৭১.০৪ টকা ৷ আনহাতে, চেন্নাইত প্রতিলিটাৰ পেট্র’লৰ মূল্য ১৬ পইচা আৰু প্রতিলিটাৰ ডিজেলৰ মূল্য ১৯ পইচা বৃদ্ধি হৈ ক্রমে বর্ধিত পেট্র’লৰ মূল্য ৭৮.৬৪ টকা আৰু ডিজেলৰ মূল্য ৭২.৫৮ টকা হৈছে ৷

২০১৮ৰ নৱেম্বৰৰ পাছত ৰাজধানী দিল্লীত পেট্র’লৰ মূল্য সর্বাধিক ৭৫.৬৯ টকালৈ বৃদ্ধি–সমত ৭৭.৬৬ টকাঃ ৭ বছৰৰ ভিতৰত সর্বাধিক বাঢ়িল সোণৰ মূল্যঃ ২১ পইচা নিম্নগামী হৈ প্রতি মার্কিন ডলাৰত হ’লগৈ ৭২.০৪ টকাঃ ছেনছেক্স ৭৮৮ পইণ্ট অধোগামী–নিফ্টী ৫০ৰ ভিতৰত ৪৬ শ্বেয়াৰেই নিম্নগামী

গুৰুত্বপূর্ণ যে অসমতো এই ইন্ধনৰ মূল্যবৃদ্ধিৰ প্রভাৱ বিগত চাৰি দিন ধৰি চলি আছে ৷ ৰাজ্যখনৰ ভিন্ন প্রান্তত প্রতিলিটাৰ পেট্র’ল–ডিজেলৰ বর্ধিত মূল্য পৃথক পৃথক ৷ ৰাজধানী গুৱাহাটীত আজি প্রতিলিটাৰ পেট্র’লত ১১ পইচা বৃদ্ধি হৈ বর্ধিত ইন্ধনবিধৰ মূল্য ৭৭.৬৬ টকা হোৱাৰ বিপৰীতে প্রতিলিটাৰ ডিজেলত ১৫ পইচা বৃদ্ধিৰে ইন্ধনবিধৰ মূল্য ৭১.৮৬ টকা হৈছে ৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ আন্তর্জাতিক বজাৰৰ লগতে দেশৰ ঘৰুৱা বজাৰতো সোণৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ৷ নৱবর্ষৰ প্রথম দিনা প্রতি ১০ গ্রাম সোণৰ মূল্য ৪০ হাজাৰ আছিল যদিও বিগত তিনি দিনৰ ভিতৰত সোণৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ সোমবাৰে সোণৰ মূল্যই বিগত সাত বছৰৰ তুলনাত সর্বাধিক হৈ প্রতি ১০ গ্রামত ৪২,০৪০ টকা হৈছে ৷ ইপিনে আন্তর্জাতিক বজাৰত ভাৰতীয় টকাৰ মূল্যও নিম্নগামী হৈছে৷ বিগত তিনি দিন ধৰি প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য নিম্নগামী হৈ আছে ৷ সোমবাৰে পুনৰ ২১ পইচা নিম্নগামী হৈ প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য হৈছে ৭২.০৪ টকা ৷

আনহাতে, দেশৰ শ্বেয়াৰ বজাৰৰ ছেনছেক্সৰ অভাৱনীয় পতন ঘটে ৷ বিগত ৬ মাহৰ ভিতৰত সবাতোকৈ লোকচানৰ দিন হিচাপে সোমবাৰে শ্বেয়াৰ বজাৰত হাহাকাৰ লাগে ৷ ছেনছেক্স ৭৮৮ পইণ্ট অথবা ৭.৯ শতাংশ নিম্নগামী হৈ সোমবাৰে বজাৰ সামৰণি পৰে ৪০,৬৭৬.৬৩ত ৷ আনপিনে এন এছ ই নিফ্টী ৫০ সূচাংক ২৫২ পইণ্ট নিম্নগামী হৈ ১১,৯৯৩ত বজাৰ সামৰণি পৰে ৷ লক্ষণীয় যে এন এছ ই নিফ্টী ৫০ সূচাংকৰ ভিতৰত ৪৬টা কোম্পানীৰ শ্বেয়াৰে সোমবাৰে লোকচানৰ সন্মুখীন হয় ৷ এন এছ ই নিফ্টী ৫০ৰ ভিতৰত সবাতোকৈ লোকচানৰ সন্মুখীন হয় ভাৰতীয় ষ্টেট বেংক (এছ বি আই) ৷ বেংকটোৰ শ্বেয়াৰ ৪.৬ শতাংশ নিম্নগামী হয় ৷ লোকচানৰ সন্মুখীন হৈছে আটাইকেইটা ৰাজহুৱা খণ্ডৰ বেংক৷ নিফ্টী ৰিয়েল্টী, ব্যক্তিগত খণ্ডৰ বেংক, যান–বাহন খণ্ড, বিত্তীয় সেৱা, সংবাদ মাধ্যম আৰু মেটেল কোম্পানীসমূহ ২.৩ শতাংশৰ পৰা ৩ শতাংশলৈ লোকচানৰ সন্মুখীন হৈছে ৷ ইয়াৰ ভিতৰত বাজাজ ফাইনেন্স, বেদান্ত, জি ইণ্টাৰটেইনমেণ্ট, য়েছ বেংক, ইণ্ডাছইণ্ড বেংক, হিন্দালকো, বাজাজ ফিনছার্ভ, ভাৰত পেট্র’লিয়াম, ক’ল ইণ্ডিয়া আৰু মাৰুতি ছুজুকী অন্যতম ৷

You might also like