নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত প্রতিদিনে ২০ হাজাৰ কোটি টকাৰ ডিজিটেল লেনদেন

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ নিয়মমাফিক মাহৰ শেষৰটো দেওবাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰেডি’ৰ ‘মন কী বাত’ কার্যসূচীৰে দেশবাসীক সম্বোধন কৰে৷ দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানৰ আৰম্ভণিতেই প্রধানমন্ত্রীয়ে ডিজিটেল লেনদেনৰ উপকাৰিতা সন্দর্ভত আলোচনা কৰে৷ মোদীয়ে উল্লেখ কৰে যে দেশত প্রতিদিনে প্রায় ২০ হাজাৰ কোটি টকাৰ লেনদেন হয় ডিজিটেল মাধ্যমত৷ ডিজিটেল মাধ্যমে দেশৰ অর্থনীতিক অধিক শক্তিশালী কৰি তুলিব বুলিও প্রধানমন্ত্রীগৰাকীয়্ উল্লেখ কৰে৷ যোৱা মার্চ মাহত দেশজুৰি ১০ লাখ কোটি টকাৰ ডিজিটেল লেনদেন হোৱা বুলি উল্লেখ কৰে মোদীয়ে৷ এই ডিজিটেল মাধ্যমেৰে দেশৰ সকলো লোকেই ধনৰ লেনদেন কৰা উচিত বুলিও মন্তব্য কৰে মোদীয়ে৷

You might also like