নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রিয়ংকাৰ পৰা ২ কোটি টকাত ছবি ক্রয় কৰিবলৈ বাধ্য কৰোৱা হৈছিল!

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ গান্ধী পৰিয়ালৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ আনিছে য়েছ বেংকৰ অন্যতম প্রতিষ্ঠাতা ৰাণা কাপুৰে৷ ৰাণা কাপুৰে অভিযোগ কৰা অনুসৰি প্রিয়ংকা গান্ধীৰ পৰা ২ কোটি টকা দি চিত্রকৰ মকবুল ফিদা হুছেইনৰ এখন ছবি ক্রয় কৰিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল৷ সেই ধনেৰেই নিউয়র্কত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ চিকিৎসা কৰা হৈছিল৷ ২০২০ চনৰ পৰা ধন সৰবৰাহ সংক্রান্তীয় এটা গোচৰত বিচাৰ বিভাগীয় হিফাজতত ৰখা হৈছে ৰাণাক৷ গোচৰটোৰ চার্জশ্বীটত এই তথ্য সন্নিৱিষ্ট হোৱাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷

চার্জশ্বীটত প্রকাশ পোৱা তথ্য অনুসৰি ৰাণাই তদন্তকাৰী সংস্থা এনফ’চমেণ্ট সঞ্চালকালয় (ই ডি)ক এই কথাও জনাইছে যে তেতিয়াৰ পেট্র’লিয়াম মন্ত্রী মুৰলী ডেওৰাই এইক্ষেত্রত মধ্যস্থতাকাৰীৰ ভূমিকা লৈছিল৷ ডেওৰাই এইবুলিও ৰাণাক ভাবুকি দিছিল যে ছবিখন ক্রয় নকৰিলে অকল গান্ধী পৰিয়ালৰ সৈতে মতানৈক্য গঢ়ি উঠাই নহয়, ভৱিষ্যতে পদ্মভূষণো নাপাব ৰাণাই৷ লক্ষণীয়ভাৱে মুৰলী ডেওৰাৰ পুত্র মিলিন্দ ডেওৰাই গোপনে ৰাণাক ছবি বিক্রীৰ টকাৰে নিউয়র্কত ছোনিয়া গান্ধীৰ চিকিৎসা চলোৱা বুলি জনাইছিল৷ এনে তথ্যত চার্জশ্বীটত সন্নিৱিষ্ট হোৱাৰ পাছতে বিষয়টোক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷

You might also like