নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ প্রতিৱেশী দ্বীপ ৰাষ্ট্র শ্রীলংকা আর্থিক সংকটত জর্জৰিত হৈ থকা বাবে ভাৰতে দেশখনলৈ সঘনে প্রেৰণ কৰিছে সাহায্য সামগ্রী৷ আনকি বৃহৎ পৰিমাণৰ ধনৰাশিও শ্রীলংকালৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে৷ ভাৰতৰ এনে পদক্ষেপক প্রশংসা কৰিছে আন্তর্জাতিক মুদ্রানিধি (আইএমএফ)ৰ মুৰব্বী কৃষ্টালিনা জর্জগিভাই৷ শ্রীলংকাৰ অর্থনৈতিক সংকটৰ সময়ত ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণে সকলো ধৰণৰ সাহায্য আগবঢ়াই যাব বুলি নিশ্চয়তা প্রদান কৰা বিষয়টোক আই এম এফৰ মুৰব্বীগৰাকীয়ে আদৰণি জনাইছে৷
উল্লেখনীয় যে আইএমএফ আৰু বিশ্ব বেংকৰ বৈঠকত কালি সীতাৰমণৰ সৈতে কৃষ্টালিনা আলোচনাত মিলিত হয়৷ সীতাৰমণৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে আই এম এফৰ মুৰব্বীগৰাকীয়ে৷ শ্রীলংকাৰ শেহতীয়া পৰিস্থিতিক লৈও আলোচনা কৰে সীতাৰমণ আৰু কৃষ্টালিনাই৷