নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুগ্ধ উৎপাদনত বিশ্বৰ ভিতৰতে শ্রেষ্ঠ স্থান দখল ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ বিশ্বৰ ভিতৰতে দুগ্ধ উৎপাদনত প্রথম স্থানত থকা দেশ হৈছে ভাৰত৷ গুজৰাটৰ বানাছকাণ্ঠা জিলাৰ ডিয়োদাৰত প্রধানমন্ত্রী মোদীয়ে আজি এই মন্তব্য কৰে৷ বানাছ ডায়েৰীৰ অন্তর্গত এক নতুন দুগ্ধ প্রকল্প তথা প’টেটো প্রচেছিং প্লেণ্ট উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এইদৰেও কয় যে দেশৰ কোটি কোটি খেতিয়কে এতিয়া নির্ভৰ কৰিবলগীয়া হৈছে দুগ্ধ উৎপাদনৰ ওপৰত৷ বছৰি ভাৰতে ৮.৫ লাখ কোটি টকাৰ দুগ্ধ উৎপাদন কৰি অহা বুলিও মন্তব্য কৰে প্রধানমন্ত্রীগৰাকীয়ে৷

উল্লেখনীয় যে দুদিনীয়া ভ্রমণসূচীৰে আজি গৃহৰাজ্য গুজৰাটত উপস্থিত হৈছে প্রধানমন্ত্রী মোদী৷ প্রধানমন্ত্রীগৰাকীয়্ উল্লেখ কৰা অনুসৰি ঘেহু আৰু ধানতকৈও দুগ্ধ উৎপাদনত ভাৰতে অধিক উন্নত ফল দেখুৱাবলৈ সক্ষম হৈছে৷ স্মর্তব্য যে প্রধানমন্ত্রীগৰাকীৰে উপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্র’ছ আধানম ঘেব্রিয়েছাছো তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হৈছে৷ আয়ুষ মন্ত্রণালয়ৰ আমন্ত্রণক্রমে বিশ্ব স্বাস্থ্য সংস্থাৰ মূৰব্বীগৰাকী আহি উপস্থিত হৈছে গুজৰাটত৷

You might also like