নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ স্বাৰ্থঃ দেহ দান কৰিলে অধ্যাপক-শিল্পীয়ে 

বিশেষ বাৰ্তা, নগাঁও, ১৯ এপ্ৰিলঃ চিকিৎসা বিজ্ঞানৰ উত্তৰনৰ বাবে নগাঁৱত এগৰাকী সহকাৰী অধ্যাপক আৰু এগৰাকী শিল্পীয়ে দেহ দান কৰে৷ ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁও শাখাৰ ওচৰত মৰনোত্তৰভাৱে চিকিৎসা সেৱাৰ বাবে দেহদান কৰা সহকাৰী অধ্যাপকজনৰ নাম হৈছে পৃথিৰাজ বৰকাকতী ৷ বৰকাকতী ৰহা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক৷ আনহাতে, দেহ দান কৰা শিল্পীগৰাকীৰ নাম হৈছে অশ্ৰুমণি বৰা৷ দুয়োৰে ঘৰ নগাঁও চহৰৰ আমোলাপট্টিত৷ ৪৯ বছৰীয়া পৃথিৰাজ বৰকাকতী আৰু অশ্ৰুমণি বৰা দুয়ো পতি-পত্নী৷ কালি বিয়লি নগাঁও চহৰৰ বেংগলী ছোৱালী স্কুলত অনুষ্ঠিত এক সভাত দুয়োজনে ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি ইলোৰা বিজ্ঞান মঞ্চক দেহ দান কৰে৷ সভাত ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁও শাখাৰ অমৰেন্দ্ৰ নাথ শৰ্মা, যজ্ঞেশ্বৰ শৰ্মা, আদিলুৰ ৰহমান, লক্ষ্যজ্যোতি বৰঠাকুৰ, সত্যজিৎ ৰয় আদি উপস্থিত থাকে৷ ইচ্ছাপত্ৰ অনুসৰি দুয়োজনৰ মৃত্যুৰ পিছত মৃতদেহ দুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বা ডিফু চিকিৎসা মহাবিদ্যালয়ে নিব পাৰিব৷ উল্লেখ্য যে ২০০৪ চনত গুৱাহাটীত ইলোৰা বিঞ্জান মঞ্চ গঠন হৈছিল।২০১১ চনত নগাঁও জিলাত এই মঞ্চ গঠন হয়। আজিলৈকে নগাঁও জিলাত ৯০গৰাকী লোকে চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ বাবে দেহদান কৰিছে। ইয়াৰে ৫ জনৰ মৃত্যু হৈছে। এই পাঁচ জনৰ মৃতদেহ গুৱাহাটী, তেজপুৰ, ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
You might also like