নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বস্ত অৰ্থনীতিঃ ৬ ভাৰতীয়ৰ ওপৰত ভৰসা ৰাষ্ট্রপতি ট্রাম্পৰ

নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ আমেৰিকাৰ অর্থনৈতিক পুনৰ উজ্জীৱন উদ্যোগিক সংস্থাৰ দায়িত্বশীল বিষয়া হিচাপে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে চিহ্নিত কৰিছে ৬ ভাৰতীয় মূলৰ নাগৰিকক ৷ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে দেশখনৰ অর্থনীতি বিধ্বস্ত কৰাৰ সময়ত ট্রাম্পে এই ভাৰতীয় মূলৰ আমেৰিকানসকলে অর্থনীতিক পুনৰ প্রাণ দিব বুলি ঘোষণা কৰিছে ৷ ভাৰতীয় মূলৰ এই ৬ আমেৰিকানৰ ভিতৰত আছে গুগ’লৰ সুন্দৰ পিছাই আৰু মাইক্র’ছফ্টৱেৰৰ সত্য নাডেলা ৷ আমেৰিকাৰ অর্থনীতিকক গুগ’ল আৰু মাইক্র’ছফ্টে পুনৰ সমৃদ্ধিশালী কৰিবলৈ সকলো ব্যৱস্থা গ্রহণ কৰিব পাৰে ৷ উল্লেখনীয় যে দেশৰ এই অর্থনৈতিক মহাসংকটৰ সময়ত ট্রাম্পে দুই শতাধিক আমেৰিকান উদ্যোগপতিক দেশখনৰ ত্রাণকর্তা হিচাপে চিহ্ণিত কৰিছে৷ ৰাষ্ট্রপতিগৰাকীৰ মতে এই আমেৰিকান নেতাসকলেই দেশখনৰ অর্থনীতিক সুদৃঢ় কৰিব ।

You might also like