উৎক্ষেপণৰ পাছতে ধ্বংস এলন মাস্কৰ ষ্টাৰশ্বিপ
🔹 দুমাহৰ ব্যৱধানত দ্বিতীয়বাৰ বিফল মার্কিন ধনকুবেৰ
নিউজ ডেস্ক, ৮ মার্চ : উৎক্ষেপণৰ পাছতে নিয়ন্ত্রণ হেৰুৱাই ধ্বংস হৈ গ’ল মার্কিন ধনকুবেৰ এলন মাস্কৰ স্পেচ ষ্টাৰশ্বিপ৷ লাইভ ষ্ট্রিমিং চলি থকা সময়তে দেখিবলৈ পোৱা যায় উৎক্ষেপণ হোৱাৰ লগে লগে ইঞ্জিন বন্ধ হ’ল মহাকাশযানৰ৷ সেই অৱস্থাত বাহামাছৰ ওপৰত বিস্ফোৰণত টুকুৰা টুকুৰ হৈ যায় মহাকাশযানখন৷ মাত্র দুমাহৰ ব্যৱধানত পুনৰ ব্যর্থ হ’ল মাস্কৰ ষ্টাৰশ্বিপৰ পৰীক্ষা৷ স্মর্তব্য যে এয়া আছিল স্পেচ এক্সৰ অষ্টম উৎক্ষেপণ৷ যোৱাবাৰৰ ব্যর্থতাৰ ভুলৰ পৰা শিক্ষা লৈ এইবাৰ প্রস্তুতি ভালদৰে চলোৱা হৈছিল৷ সম্পূর্ণ উৎক্ষেপণৰ লাইভ ষ্ট্রিমিং দেখুওৱা হৈছিল বিশ্বক৷ ৪০৩ ফুট দৈর্ঘ্যৰ ৰকেটটো টেক্সাছৰ পৰা উৎক্ষেপণ কৰা হয় সূর্যাস্তৰ কিছু সময় পূর্বে৷ ভূপৃপষ্ঠৰ পৰা শূন্যলৈ উঠাৰ কেইটামান মুহূর্তৰ পাছতে ষ্টাৰশ্বিপ ধ্বংস হয়৷ মাটিৰ পৰা ১৫০ কিঃমিঃ উচ্চতাত এই মহাকাশযান ধ্বংস হয় বুলি জানিব পৰা গৈছে৷ এয়া এলন মাস্কৰ বাবে এক হতাশাৰ খবৰ হিচাপে চিহ্ণিত হৈছে৷