নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনঃ ড্ৰাইভিং লাইচেঞ্চৰ ম্যাদ শেষ হোৱা সকলৰ বাবে সুখবৰ ! কেন্দ্ৰীয় চৰকাৰে ল’লে এই সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ সুখবৰ । আপোনাৰ যদি ড্ৰাইভিং লাইচেঞ্চৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰৰ ম্যাদ উকলিছে, তেন্তে চিন্তা কৰাৰ প্ৰয়োজন নাই । কাৰণ যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা ম্যাদ শেষ হোৱা বাহন চালনাৰ অনুজ্ঞাপত্ৰ (ড্ৰাইভিং লাইচেঞ্চ), পাৰ্মিট আৰু পঞ্জীয়নৰ দৰে দৰকাৰী নথি পত্ৰবোৰৰ বৈধতা বৃদ্ধি কৰা হৈছে । ইয়াৰ বৈধতা অহা ৩০ জুনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ।

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই কথা । সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ দিয়া এটা নিৰ্দেশাৱলীত মন্ত্ৰণালয়ে এনেবোৰ নথি-পত্ৰৰ ম্যাদ অহা ৩০ জুনলৈকে বৃদ্ধি কৰিবলৈ কৈছে ।

উল্লেখ্য যে সমগ্ৰ দেশজুৰি চলি থকা লকডাউনৰ বাবে চৰকাৰী পৰিবহন কাৰ্যালয়সমূহ বন্ধ থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ে ।

You might also like