দেশৰ শ্বেয়াৰ বজাৰত উত্থানঃ সর্বকালৰ শিখৰত ছেনছেক্স
নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ আন্তর্জাতিক বজাৰত ইতিবাচক প্রভাৱৰ পৰিপ্রেক্ষিতত দেশৰ শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান ঘটিছে৷ তথ্য–প্রযুক্তি শ্বেয়াৰ উত্থানৰ ফলশ্রুতিতেই বি এছ ই ছেনছেক্স বৃহস্পতিবাৰে ৩৬২ পইণ্ট ঊর্ধ্বগামী হৈ সর্বকালৰ শিখৰত ৫৩,২৬৬.১২ত বজাৰ সামৰণি পৰে৷ তেনেদৰে এন এছ ই নিফটিও ০.৪৮ শতাংশ তথা ২৫৫ পইণ্ট ঊর্ধ্বগামী হৈ অভিলেখসংখ্যক ১৫,৯৫২ বজাৰ সামৰণি পৰে৷ প্রথমবাৰৰ বাবে নিফটি ১৫,৯০০ অতিক্রম কৰে৷
বৃহস্পতিবাৰে ছেনছেক্সৰ উত্থানত গুৰুত্বপূর্ণ ভূমিকা লয় এইচ চি এল টেকন’লজিছ, লার্ছেন এণ্ড ট্যুব্র’ (এল এণ্ড টি), টেক মহিন্দ্র, এইচ ডি এফ চি বেংক, আল্ট্রাট্রেক চিমেণ্ট আৰু আই টি চি৷ নিফটি আই টিৰ সূচাংক ১.২৯ শতাংশ বৃদ্ধি পায়৷ বেংক নিফটি ০.৬৭ শতাংশ, নিফটি ৰিয়েলটী সূচাংক ৪.২০ শতাংশ বৃদ্ধি পায়৷