নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনত তথ্য লুকুওৱাৰ অভিযোগ; ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে কাৰণ দর্শোৱাৰ জাননী হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ বিগত বিধানসভা নির্বাচনত তথ্য লুকুওৱাৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী৷ এই সন্দর্ভত ৰুজু হোৱা এটা গোচৰৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে বিধায়ক চৌধুৰীলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ কি কাৰণত চৌধুৰীৰ প্রার্থিত্ব খাৰিজ কৰা নহ’ব, সেই সন্দর্ভত যাৱতীয় উত্তৰ দিব লাগিব বিধায়কজনে৷ ন্যায়াধীশ কল্যাণ ৰায় খুৰানাৰ বিচাৰপীঠে অহা ২৩ আগষ্টৰ ভিতৰত বিধায়কজনক উত্তৰ প্রদান কৰিবলৈ নির্দেশ দিছে৷

উল্লেখ্য যে নির্বাচনৰ পূর্বে প্রার্থীসকলে মনোনয়ন–পত্রৰ লগত শপতনামা দাখিল কৰাটো বাধ্যতামূলক৷ এই শপতনামাত প্রার্থীসকলে সা–সম্পত্তি, উপার্জন, ঋণ আদিৰ লগতে তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ তথ্য দাখিল কৰিব লাগে৷ কিন্তু বঙাইগাঁৱৰ বিধায়কজনে এইক্ষেত্রত কিছু তথ্য দাখিল নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

বিশেষকৈ বঙাইগাঁও থানাত ৰুজু হৈ থকা ৩৬০/২০২০ নম্বৰৰ গোচৰৰ তথ্য শপতনামাত উল্লেখ কৰা নাই বিধায়ক চৌধুৰীয়ে৷ প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিত সংঘটিত কেলেংকাৰি সন্দর্ভত বিধায়কজনক মূল অভিযুক্ত বুলি এজন লোকে দাখিল কৰিছিল এজাহাৰ৷ এই এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা অধীনত ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে গোচৰটো ৰুজু হৈছিল৷ তৎসত্ত্বেও গোচৰটোৰ তথ্য শপতনামাত উল্লেখ নকৰাত উচ্চ ন্যায়ালয়ত সমষ্টিটোৰ কংগ্রেছ প্রার্থী শংকৰপ্রসাদ ৰায়ে ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে গোচৰ তৰে৷

You might also like