নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকেলৰ পৰা গ্ল’বেলঃ ভাৰতৰ ডিজিটেল পেমেন্ট বিপ্লৱে বিশ্বক অনুপ্ৰাণিত কৰিছে

  • ভাৰতৰ ডিজিটেল পেমেন্টৰ উদ্ভাৱন অৰ্থনীতিৰ বাবে চিত্ৰপট পৰিৱৰ্তনকাৰী

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ:  ভাৰতে ঘৰুৱাভাৱে গঢ়ি তোলা তাৎক্ষণিক পেমেন্ট ব্যৱস্থাই বাণিজ্যক পুনৰ নিৰ্মাণ কৰিছে আৰু কেইবা নিযুত লোকক আনুষ্ঠানিক অৰ্থনীতিৰে সংযুক্ত কৰিছে। চৰকাৰে এই “ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি”ৰ ভেটি স্থাপন কৰিছিল আৰু ইয়াৰ আধাৰত এক বলিষ্ঠ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব গঢ় লৈ উঠে। ই দৈনন্দিন জীৱনক অধিক সুবিধাজনক, ঋণ আৰু সঞ্চয়ৰ দৰে বেংকিং সেৱাসমূহ কেইবা নিযুত ভাৰতীয়লৈ সম্প্ৰসাৰিত আৰু চৰকাৰৰ কাৰ্য্যক্ৰমৰাজিৰ উপলব্ধতা আৰু কৰ সংগ্ৰহক প্ৰসাৰিত কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে জি-২০ৰ ৰাষ্ট্ৰসমূহৰ বিত্তমন্ত্ৰীসকলক ডিজিটেল পেমেন্ট বাতাবৰণটোক এক বিনামূলীয়া ৰাজহুৱা ব্যৱস্থা বুলি অভিহিত কৰে যিয়ে ভাৰতত শাসন ব্যৱস্থা, বিত্তীয় অন্তৰ্ভুক্তি আৰু ইজ অৱ লিভিঙক আমূলভাৱে ৰূপান্তৰিত কৰিছে। চৰকাৰে স্থাপন কৰা ডিজিটেল আন্তঃগাঁথনিয়ে ‘ৰেল ট্ৰেক’ৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ গুৰুত্বপূৰ্ণ বৈশিষ্টটো হৈছে নিম্ন ব্যয়ত উদ্ভাৱন সম্ভৱ হ’ব পাৰে। এই নেটৱৰ্কৰ জৰিয়তে ভাৰতে পূৰ্বে নেদেখা ক্ষীপ্ৰ প্ৰযুক্তিগত উদ্ভাৱনে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে কিমান সুপ্ৰভাৱ বিস্তাৰ কৰিব পাৰে, ‘ফিজিকেল’ আন্তঃগাঁথনি পিছ পৰি থকাৰ সময়তো অৰ্থনৈতিক বিকাশত উদ্দীপনা যোগাব পাৰে, সেয়া প্ৰদৰ্শন কৰিছে। এয়া হৈছে ভাৰতে ৰপ্তানি কৰিব বিচৰা এটা ৰাজহুৱা-ব্যক্তিগত মডেল কাৰণ ই বিশ্বৰ দৰিদ্ৰ ৰাষ্ট্ৰসমূহৰ উন্নয়ন সাধনকাৰী ধাৰণাসমূহৰ ইনকিউবেটৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

এই পদক্ষেপৰ মূলতে আছে জনপ্ৰিয় জেম ত্ৰিনিটি (JAM trinity) – জন ধন একাউন্ট, আধাৰ আৰু ম’বাইল, এয়া হৈছে ভাৰতৰ সমগ্ৰ অৰ্থনৈতিক বাতাবৰণটোৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰা তিনিটা স্তম্ভ। ইয়াৰে প্ৰথম স্তম্ভটো যথাঃ আৰ্থিক অন্তৰ্ভুক্তিৰ লক্ষ্যৰে প্ৰতিজন প্ৰাপ্তবয়স্ক ভাৰতীয়লৈ বেংক একাউন্টৰ সুবিধা নিশ্চিতকৰণৰ বাবে পিএম জন ধন যোজনাৰ শুভাৰম্ভ কৰা হৈছিল। ২০২২লৈকে ৪৬.২৫ কোটি বেংক একাউন্ট খোলা হৈছে, ইয়াৰে ৫৬% মহিলাৰ আৰু ৬৭% গ্ৰামাঞ্চল আৰু অৰ্ধ-নগৰীয়া অঞ্চলসমূহত খোলা হৈছে। এই একাউন্টসমূহত ১,৭৩,৯৫৪ কোটি টকা জমা কৰা হয়।

দ্বিতীয় স্তম্ভ যথা আধাৰে পৰিচয় সেৱাৰ ৰূপান্তৰ ঘটালে। আধাৰ আইডিক টু-ফেক্টৰ প্ৰমাণীকৰণ বা বাঅ’মেট্ৰিক আইডিৰ জৰিয়তে ডিজিটেল প্ৰমাণীকৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আধাৰ-নেতৃত্বাধীন প্ৰমাণীকৰণ বেংক আৰু টেলকোৰ দৰে প্ৰতিষ্ঠানসমূহৰ বাবে এক সম্বল হৈ পৰিছে।

আজি ৯৯ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ বাঅ’মেট্ৰিক চিনাক্তকৰণ নম্বৰ আছে। এতিয়ালৈকে ১.৩ বিলিয়নৰো অধিক আইডি জাৰি কৰা হৈছে।

তৃতীয় স্তম্ভটো হৈছে ম’বাইল, যিয়ে ভাৰতৰ টেলিকম খণ্ডৰ মূল ডিজিটেল উদ্ভাৱনকে প্ৰদৰ্শন কৰিছে। ২০১৬ত ৰিলায়েন্স জিঅ’ৰ বিশাল প্ৰৱেশৰ পিছত ডাটাৰ ব্যয় ৯৫% হ্ৰাস পায়। ইয়াৰ ফলত প্ৰতিজন ভাৰতীয়ই নিম্ন- মূল্যত আৰু সহজে ইন্টাৰনেটৰ সুবিধা লাভ কৰে।

ইউপিআই হৈছে এক আন্তঃকাৰ্য্যকৰী প্লেটফৰ্মৰ জৰিয়তে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেন্ট কৰ্পৰেচনে (NPCI) নেতৃত্ব প্ৰদান কৰা এটা ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (PPP)। এই প্লেটফৰ্মে শ-শ বেংক আৰু কেইবা ডজন ম‘বাইল পেমেন্ট এপৰ জৰিয়তে কোনোধৰণৰ লেনদেনৰ মাচুল অবিহনে সেৱা আগবঢ়ায়।

যোৱা বছৰ ভাৰতত হোৱা তাৎক্ষণিক ডিজিটেল লেনদেনৰ পৰিমাণ যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, জাৰ্মানী আৰু ফ্ৰান্সতকৈ অধিক আছিল। ভাৰতৰ এজন কেবিনেট মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জানুৱাৰীত বিশ্ব অৰ্থনৈতিক ফৰামত কৈছিল, “এই চাৰি ৰাষ্ট্ৰক একত্ৰিত কৰি চাৰিৰে পূৰণ কৰিলেও বেছি।“

ডিজিটেল পেমেন্ট ব্যৱস্থাটোৰ সফলতা কেৱল ডিজিটেল পেমেন্ট আন্তঃগাঁথনিৰ বলিষ্ঠতাতেই নিহিত নহয়, বৰঞ্চ জনতাক নগদ ধনৰপৰা ডিজিটেলৰ অভিযোজনা কৰিবলৈ উৎসাহিত কৰাতো ইয়াৰ সফলতা নিহিত হৈ আছে। যিকোনো আচৰণগত পৰিৱৰ্তনৰ দৰেই ইয়াকো ইয়াৰ মূল গোটৰ সৈতে প্ৰাসংগিকতা নিশ্চিত কৰা অন্তৰ্দৃষ্টিসম্পন্ন উদ্ভাৱনৰ জৰিয়তে ব্যৱস্থাটোৰ বিশ্বাস আৰু সুলভতাৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা হৈছে।

ইয়াত ক্ষুদ্ৰ আৰু আকৰ্ষণীয় উদ্ভাৱন যেনেঃ পেমেন্ট এপৰদ্বাৰা আগবঢ়োৱা মৃদু ভইচ বক্স স্নেক কাৰ্ট আৰু চাহৰ ষ্টলত দেখা যায়। বিক্ৰেতাসকল ব্যস্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ক্ষুদ্ৰ লেনদেনৰ বাবে ফোন মেছেজ পৰীক্ষা কৰিব নোৱাৰে যদিও এটা কণ্ঠই কিউআৰ ক’ডৰ জৰিয়তে প্ৰতিটো পেমেন্টৰ জৰিয়তে কিমান টকা লাভ কৰা হৈছে, সেই তথ্য ঘোষণা কৰে। ইয়াৰ জৰিয়তে বহুদিন ধৰি নগদ লেনদেনত অভ্যস্ত ব্যৱসায়ীসকলৰ মাজত অনাস্থা দূৰত সহায় হৈছে।

ভাৰতৰ ডিজিটেল পেমেন্ট বাতাবৰণ হৈছে অন্তৰ্নিহিত মূল সম্পদ আৰু সামৰ্থ্যসমূহৰ সুদৃঢ়কৰণে ইতিবাচক প্ৰভাৱ বিস্তাৰৰ এক উদাহৰণ। ই ক্ৰমান্বয়ে ভাৰতত ব্যৱসায়, উদ্যমিতাৰ লগতে ব্যৱহাৰৰ আৰ্হিত বৈপ্লৱিক পৰিৱৰ্তন সাধনেৰে ভাৰতৰ ডিজিটেল পেমেন্ট বাতাবৰণটোক চিত্ৰপট পৰিৱৰ্তনকাৰী আৰু বিশ্বৰ প্ৰেৰণা হিচাপে গঢ়ি তুলিছে।

You might also like