নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত সতী ৰাধিকাৰ প্ৰতিমুৰ্তিৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ:  লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত আজি সতী ৰাধিকাৰ প্ৰতিমুৰ্তিৰ আধাৰশিলা স্হাপন কৰা হয়। সদৌ অসমত কৈৱৰ্ত যুৱ ছাত্র সন্হাৰ উদ্যোগত স্হাপন কৰিবলৈ লোৱা সতী ৰাধিকাৰ প্ৰতিমুৰ্তিৰ আধাৰশিলা স্হাপন কৰে লখিমপুৰ পৌৰসভাৰ পৌৰপতি  নিবেদিতা দত্ত ই। গায়ন  বায়ন, আয়তীৰ উৰুলি আদি মংগল ধ্বনিৰ মাজত পৌৰপতি য়ে আধাৰশিলা স্হাপন কৰে। অনুষ্ঠানটোত প্ৰাক্তন শিক্ষা বিযয়া  ৰমেশ চুতীয়া কে ধৰি কেইবাজনো গণ্য মান্য ব্যক্তি য়ে অংশগ্রহণ কৰে। উল্লেখ্য  লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত ইতিমধ্যে বীৰভূমি নামেৰে চাওলুং চুকাফা, বীৰ চিলাৰায়, কমলা মিৰি আদিৰ সুবৃহৎ প্ৰতিমুৰ্তি স্হাপন কৰা হৈছে। শেহতীয়া কৈ কৈৱৰ্ত যুৱ ছাত্র সন্হাৰ উদ্যোগত সতী ৰাধিকাৰ প্ৰতিমুৰ্তি স্হাপন কৰাৰ প্ৰস্তুতিৰ  পাছত বীৰভূমিৰ মৰ্যাদা বহুগুণে বৃদ্ধি পালে। আজিৰ আধাৰশিলা স্হাপনৰ উপলক্ষে নাম প্ৰসংগ, সভা আদিৰো আয়োজন কৰা হয়। সদৌ অসমত কৈৱৰ্ত যুৱ ছাত্র সন্হাৰ কেন্দ্রীয় সম্পাদক গৌকিশংকৰ দাসে জনোৱা মতে এই প্ৰতিমুৰ্তিটো দহ লাখ টকা ব্যয় ৰে নিৰ্মাণ ৰ লক্ষ্য লোৱা হৈছে। ৰাইজৰ দান বৰঙনিৰে এই প্ৰতিমুৰ্তি স্হাপন কৰিবলৈ লোৱা হৈছে যদিও এই ক্ষেত্ৰত তেও চৰকাৰকো সহায় আগবঢ়োৱা ৰ আহ্বান জনায়।
You might also like