নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: ছেপ্টেম্বৰ মাহত জিএছটি সংগ্রহ হৈছে ১,৪৭,৬৮৬ কোটি টকা৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ে ছেপ্টেম্বৰ মাহত ২৬ শতাংশ জিএছটি সংগ্রহ বৃদ্ধিৰে মাহটোত ১.৪৭ লাখ কোটি টকা জিএছটি সংগ্রহ হোৱা বুলি বিবৃতিযোগে প্রকাশ কৰিছে৷ বিবৃতি অনুসৰি, কেন্দ্রীয় জিএছটি ২৫,২৭১ কোটি টকা, ৰাজ্যিক জিএছটি ৩১,৮১৩ কোটি টকা, আইজিএছটি ৮০,৪৬৪ কোটি টকা আৰু উপ কৰ ১০,১৩৭ কোটি টকা৷
উল্লেখ্য যে বিগত ৭ মাহ ধৰি একেৰাহে জিএছটি সংগ্রহ ১.৪০ লাখ কোটিতকৈ অধিক হৈ আছে৷ দেশত আমদানি ৰাজহ সংগ্রহ ৩৯ শতাংশ বৃদ্ধি পাইছে৷