নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৫.৫ টকা হ্রাস

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: ৰাজহুৱা খণ্ডৰ তেল মার্কেটিং কোম্পানীসমূহে আজিৰে পৰা কার্যকৰী হোৱাকৈ প্রতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৫.৫ টকা হ্রাস কৰিছে৷ ১৯ কিলোগ্রাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্রতিটোত ২৫.৫ টকা হ্রাস কৰাৰ ফলত ৰাজধানী দিল্লীত এই চিলিণ্ডাৰৰ মূল্য ১,৮৫৯ টকা হ’ব৷ তেল মার্কেটিং কোম্পানীসমূহে ইন্ধনৰ মূল্য পুনৰীক্ষণ প্রক্রিয়াৰ অধীনত আজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্রাস কৰিছে যদিও ঘৰুৱা ৰন্ধন গেছৰ মূল্যৰ ক্ষেত্রত কোনো পৰিৱর্তন ঘটোৱা নাই৷ উল্লেখ্য যে ১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৬ জুলাইত ৮.৫ টকা হ্রাস কৰাৰ বিপৰীতে পহিলা ছেপ্ঢেম্বৰত ৯১.৫০ টকা হ্রাস কৰিছিল৷ আজি ২৫.৫ টকা হ্রাস কৰাৰ ফলত মুম্বাইত চিলিণ্ডাৰটোৰ মূল্য ১,৮১১.৫০ টকা, কলকাতাত ১,৮৪৪ টকা আৰু চেন্নাইত ২,০০৯ টকা৷

You might also like