নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৯ হাজাৰ অতিক্রম সর্বকালৰ শিখৰত ছেনছেক্স

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ঘাতক ক’ভিড–১৯ৰ গণ টিকাকৰণ অহা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ পিছৰে পৰা দেশৰ শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান ঘটিছে৷ যোৱা ৩ জানুৱাৰীত ক’ভিড ভেকচিন জৰুৰীকালীনভাৱে প্রয়োগৰ অনুমতি প্রদান কৰাৰ পিছদিনা শ্বেয়াৰ বজাৰত আৰম্ভ হোৱা উত্থান অব্যাহত আছে৷

কালি শ্বেয়াৰ বজাৰৰ ছেনছেক্স সর্বকালৰ শিখৰত উপনীত হয়৷ বজাৰ সামৰণি পৰালৈকে বি এছ ই ছেনছেক্স ৪৮৬ পইণ্ট ঊর্ধ্বগামী হৈ সর্বকালৰ শিখৰৰ ৪৯,২৫০ত উপনীত হয়৷ দেশৰ বি এছ ই ছেনছেক্স প্রথমবাৰলৈ ৪৯ হাজাৰ অতিক্রম কৰি অভিলেখ গঢ়ে৷ আনপিনে এন ই চি নিফ্টীও সর্বকালৰ শিখৰত উপনীত হৈছে৷ কালি পূর্বৰ সকলো অভিলেখ ভংগ কৰি নিফ্টী ১৪,৪৮৪ৰে নতুন অভিলেখ গঢ়ে৷ ছেনছেক্সে প্রথমবাৰলৈ ৪৯ হাজাৰ অতিক্রম কৰাৰ দিনা সর্বাধিক লাভান্বিত হয় এ ই চি এল টেকন’লজী আৰু ইনফ’ছিছ৷ ছেনছেক্সৰ দুয়োটা কোম্পানীয়ে ক্রমে ৬ শতাংশ আৰু ৫ শতাংশ ঊর্ধ্বগামী হয়৷

You might also like