নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখ সীমান্তৰ সমীপত চীনৰ টেণ্ট–বাংকাৰ–যুদ্ধ বাহন

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ লাডাখৰ এল এ চিত চীনে নির্মাণ কৰা আন্তঃগাঁথনি এতিয়া গোপন হৈ থকা নাই৷ ভাৰতীয় সীমান্ত গাঁৱৰ সমীপতে চীনে টেণ্ট, বাংকাৰ আৰু যান–বাহন মজুত ৰখা বুলি লাডাখৰ পূব প্রান্তত চুছুলৰ কাউঞ্চিলাৰ কনছক ষ্টেনজিনে বিস্ফোৰক তথ্য প্রকাশ কৰিছে৷ চীনৰ আন্তঃগাঁথনিসমূহ সীমান্তৰ গাঁওসমূহৰ পৰা দৃশ্যমান হোৱা নাছিল যদিও শেহতীয়াভাৱে চীনে নির্মাণ কৰা বিশাল আন্তঃগাঁথনিসমূহ গাঁওবাসীয়ে সহজতে দেখা পোৱা হৈছে বুলি কয় কাউঞ্চিলাৰ ষ্টেনজিনে৷ অতি পৰিকল্পিতভাৱে চীনে এল এ চিৰ সমীপত আন্তঃগাঁথনি নির্মাণ কৰি ক্রমান্বয়ে আগবাঢ়ি আহি ভাৰত ভূমি দখলৰ অভিসন্ধি ৰচনা কৰা বুলিও কাউঞ্চিলাৰগৰাকীয়ে মন্তব্য কৰিছে৷

ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত কাউঞ্চিলাৰগৰাকীয়ে চীনে নির্মাণ কৰা আন্তঃগাঁথনিত বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্রৰে সেনা মোতায়েন কৰা হৈছে বুলি প্রকাশ কৰিছে৷ ইপিনে, লাডাখৰ এল এ চিত চীন আৰু ভাৰতৰ সেনাই যুদ্ধংদেহি মনোভাব লৈ থকাৰ সময়তে আজি চি ডি এছ জেনেৰেল বিপিন ৰাৱট দুদিনীয়া ভ্রমণসূচীৰে লাডাখত উপস্থিত হৈছে৷ চি ডি এছ জেনেৰেলে লাডাখৰ পৰিস্থিতি সন্দর্ভত বুজ লোৱাৰ লগতে সীমান্ত অঞ্চল ভ্রমণ কৰিব৷

You might also like