নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত প্রতিবাদত নিষেধাজ্ঞাঃ ১৪৪ ধাৰা জাৰি কৰি আৰক্ষী আয়ুক্তৰ বিশেষ নির্দেশনা

নিয়মীয়া বাৰ্তা, ২২ মে’: গুৱাহাটী মহানগৰীত প্রতিবাদ–ধর্ণাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে গুৱাহাটী আৰক্ষী আয়ুক্তই৷ এক নির্দেশনাযোগে আৰক্ষী আয়ুক্তই আজিৰে পৰা কার্যকৰী হোৱাকৈ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনৰ তিনিখন আৰক্ষী জিলা ক্রমে পূব, পশ্চিম আৰু কেন্দ্রীয় আৰক্ষী জিলাত ১৪৪ ধাৰা জাৰি কৰিছে৷ এই নিষেধাজ্ঞাৰ জৰিয়তে আজিৰে পৰা গুৱাহাটীত একে ঠাইতে ৫জনৰ অধিক লোকৰ সমাৱেশ, যিকোনো শোভাযাত্রা, শ্লোগান আদি প্রদর্শনত বাধা আৰোপ কৰিছে আৰক্ষী আয়ুক্তালয়ে৷ গুৱাহাটীৰ আইন–শৃংখলা অটুট ৰাখি শান্তি বর্তাই ৰখাৰ স্বার্থতেই এই নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি নির্দেশনাটোত প্রকাশ কৰা হৈছে৷ এই নিষেধাজ্ঞা উলংঘা কৰা যিকোনো দল–সংগঠন, ব্যক্তিবিশেষৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি এই সম্পর্কীয় নির্দেশনাটোত কোৱা হৈছে৷

You might also like