নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ হৃদম ঠাকুৰীয়া

নিয়মীয়া বাৰ্তা, ২২ মে’: আজি ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে SEBAই ঘোষণা কৰিলে এই ফলাফল। ১০টাকৈ ৱেবছাইটত ঘোষণা কৰা হৈছে এইবাৰৰ মেট্ৰিকৰ ফলাফল।

প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ হৃদম ঠাকুৰীয়া। শংকৰদেৱ শিশু নিকেতন, ঢেকীয়াজুলিৰ ছাত্ৰ হৃদম। হৃদমে লাভ কৰিছে মুঠ ৫৯৬– নম্বৰ।

দ্বিতীয় স্থান দখল কৰিছে চাৰিগৰাকী শিক্ষাৰ্থীয়ে। দ্বিতীয় স্থানত নগাঁও চৰকাৰী গভৰ্ণমেণ্ট বয়জ এইচ এছ স্কুলৰ ইছৰত ফাৰিহা, নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা আৰু ছেইণ্ট যোছেফ স্কুল সোণাৰিৰ আদিত্য অনুপম কোঁৱৰ। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯৩ নম্বৰকৈ।

তৃতীয় স্থানত জিলিকিল দুমুনীচকী ইংলিছ স্কুল, দৰঙৰ নিলুফাৰ ৰহমান, আদৰ্শ বিদ্যাপীঠ, ভোলাগুৰি, গোলাঘাটৰ অনিন্দিতা বৰা আৰু শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাটৰ মৃগাংক ভট্টাচাৰ্য। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯২ নম্বৰকৈ।

 

You might also like