অনুজ্ঞাপত্র অবিহনে ধঁপাত বিক্রী বন্ধৰ দাবী শিক্ষক–ছাত্র সমাজৰ
নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ ধূম্রপানবিৰোধী দিৱস উপলক্ষে বুধবাৰে গুৱাহাটীৰ ছাত্র আৰু শিক্ষক সমাজে যুৱ প্রজন্মৰ জীৱন ৰক্ষা কৰাৰ বাবে ধঁপাত বিক্রীৰ ক্ষেত্রত শীঘ্রে অনুজ্ঞাপত্রৰ ব্যৱস্থা প্রৱর্তন আৰু ধোঁৱাবিহীন ধঁপাত জাতীয় সামগ্রী নিষিদ্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ ধূম্রপানবিৰোধী দিৱস উপলক্ষে কনজুমার্ছ লিগেল প্রটেক্চন ফ’ৰাম, অসম আৰু কনজুমার্ছ ভয়েচ, নতুন দিল্লীৰ উদ্যোগত বুধবাৰে গুৱাহাটীৰ বেলতলা হাইস্কুলত দিনজোৰা কার্যসূচীৰে এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়৷ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্রী ব্যৱহাৰৰ পৰা পৰিবলগীয়া ভয়াৱহ প্রভাৱৰ বিষয়ে ছাত্র সমাজক সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে এই কার্যসূচী পালন কৰা হয়৷ অনুষ্ঠানত উপস্থিত থাকি কনজুমার্ছ লিগেল প্রটেক্চন ফ’ৰাম, অসমৰ সচিব অজয় হাজৰিকাই কয়, অসমত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্রী ব্যৱহাৰকাৰীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বিশেষকৈ যুৱ প্রজন্মৰ ক্ষেত্রত এইটোৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ১৩ বছৰৰ পৰা ১৫ বছৰ বয়সৰ ৩৪.৩ শতাংশ কিশোৰে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্রী সেৱন কৰে৷ অসমত প্রায় ১ কোটি লোকে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্রী সেৱন কৰে৷ প্রতি বছৰে অসমত ৩২ হাজাৰ কর্কটৰোগী চিনাক্ত হয়৷ ইয়াৰ ৭০ শতাংশ লোকৰ ৰোগ শেষ অৱস্থাত ধৰা পৰে৷ যাৰ ফলত ৪০ৰ পৰা ৫০ শতাংশ লোকৰ মৃত্যু হয়৷ অনুষ্ঠানত ফ’ৰামৰ নিজম বডো, নাজিয়া চুলতানা, ছন্দ গৌতম আৰু জাহাংগীৰ আলমে কয় যে নিষেধাজ্ঞা সত্ত্বেও বহুজাতিক কোম্পানীসমূহে পৰিকল্পিতভাৱে কিশোৰ আৰু যুৱ প্রজন্মক ধঁপাত আৰু ধঁপাত জাতীয় সামগ্রী বিক্রীৰ লক্ষ্য কৰি লৈছে৷ ইয়াৰ বাবে কোম্পানীসমূহে শিক্ষানুষ্ঠানৰ কাষতে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্রীৰ বিজ্ঞাপন দিয়ে৷ অস্থায়ী আৰু পথৰ কাষৰ দোকানসমূহে কিশোৰ আৰু যুৱপ্রজন্মৰ বাবে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্রী সহজে উপলব্ধ কৰি তুলিছে৷