নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱ গগৈৰ নিলম্বন প্রত্যাহাৰ

নিয়মীয়া বাৰ্তা, ১২ মার্চঃ অসমৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈসহ ৭জন কংগ্রেছী সাংসদৰ নিলম্বন প্রত্যাহাৰ কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷ যোৱা ৫ মার্চত কংগ্রেছৰ সাংসদকেইজনৰ অভব্য আচৰণত অতিষ্ঠ হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বাজেট অধিৱেশনৰ পৰৱর্তী দিনকেইটাৰ পৰা নিলম্বন কৰিছিল ৷ কিন্তু বুধবাৰে কংগ্রেছ সাংসদসকলে তৃণমূল, ডি এম কে আৰু শিৱসেনাৰ সদস্যসকলে সাংসদকেইজনৰ নিলম্বন প্রত্যাহাৰ কৰিবলৈ আহ্বান জনায় আৰু প্রত্যাহাৰৰ প্রস্তাৱ আগবঢ়ায় সংসদীয় পৰিক্রমা ৰাজ্যিক মন্ত্রী অর্জুনৰাম মেঘাৱলে ৷ সর্বসন্মতিক্রমে প্রস্তাৱ গৃহীত হোৱাত প্রস্তাৱ গৃহীত হয় আৰু ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত সর্বদলীয় সভাত আলোচনামর্মে গৌৰৱ গগৈসহ সাত কংগ্রেছ সাংসদৰ নিলম্বন প্রত্যাহাৰৰ সিদ্ধান্ত লোৱা হয় ৷

You might also like