নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব অর্থনীতিৰ ক্ষতি হ’ব ২ লাখ কোটি ডলাৰ

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ চীনৰ ৱুহানৰ পৰা বিশ্বৰ প্রায় ১০০খন দেশলৈ বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছে গোলকীয় অর্থনীতিত মোক্ষম আঘাত হানিব৷ ৰাষ্ট্রসংঘৰ বাণিজ্য আৰু উন্নয়ন সংস্থা ইউএনচিটিএডিয়ে সতর্কবাণী কৰা অনুসৰি চলিত বর্ষত বিশ্ব অর্থনীতিৰ ২ লাখ কোটি মার্কিন ডলাৰ ক্ষতি হ’ব পাৰে ক’ৰোনাৰ এই সংক্রমণৰ বাবে৷ মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছে মানৱ সম্পদৰ ক্ষতিসাধন কৰাৰ উপৰি চলিত বর্ষটোত বিশ্বৰ বাণিজ্যিক সংস্থাসমূহত ভয়াৱহ প্রভাৱ পেলাব বুলি ইউএনচিটিএডিৰ সঞ্চালক ৰিছার্ড কজুল–ৰাইটে উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে পূর্বে এই সংস্থাটোৱে ক’ৰোনাৰ বাবে বিশ্বজুৰি এক লাখ কোটি মার্কিন ডলাৰ ক্ষতি হ’ব পাৰে বুলি সতর্কবাণী কৰিছিল৷ কিন্তু ভাইৰাছবিধৰ দ্রুত বিস্তাৰৰ পিছত বিশ্ব বাণিজ্যৰ বাবেই এটি বৃহৎ বিপর্যয় আহি পৰিব বুলি আশংকা প্রকাশ কৰিছে সংস্থাটোৱে৷ ৰাষ্ট্রসংঘৰ এই সংস্থাটোৰ মতে, উন্নয়নশীল দেশসমূহত ২২ হজাৰ কোটি ডলাৰ উপার্জন হ্রাস পাব এই ক’ৰোনা ভাইৰাছৰ বাবে৷ অৱশ্যে চীনৰ ক্ষতি অভাৱনীয়ভাৱে বৃদ্ধি পাব বুলি ধাৰণা কৰিছে যদিও সংস্থাটোৰ তৰফৰ পৰা এই সন্দর্ভত কোনো জৰীপ চলোৱা হোৱা নাই৷ উন্নত দেশসমূহৰ বাণিজ্যতো ভয়াৱহ প্রভাৱ পেলাব ক’ভিড–১৯এ৷ ইতিমধ্যে বিভিন্ন গোলকীয় বাণিজ্যিক প্রতিষ্ঠানত আৰম্ভ হৈছে মন্দাৱস্থা৷ ক’ৰোনাক প্রতিৰোধ কৰিব নোৱাৰিলে নাইবা ভাইৰাছবিধৰ বিস্তাৰ বর্তমানৰ দৰে চলি থাকিলে বাণিজ্যিক সংস্থাসমূহত আৰম্ভ হ’ব দেউলীয়াপনা বুলিও সঞ্চালকগৰাকীয়ে সতর্কবাণী কৰিছে৷

You might also like