নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধভাৱে বিক্রী কৰা মাছ–মাংস–কণী–পাচলি জব্দ

মহানগৰ বার্তা, ২৪ এপ্রিলঃ লকডাউনৰ সময়ছোৱাত জনসাধাৰণৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে মাছ–মাংস–কণী, শাক–পাচলি বিক্রীৰ বাবে অনুমতি প্রদান কৰিছিল৷ একাংশ ব্যৱসায়ীক অসম পশুধন নিগমে মূল্য নির্ধাৰণ কৰি কুকুৰা আৰু ছাগলীৰ মাংস বিক্রীৰ অনুমতি প্রদান কৰিছিল৷ ইয়াৰে সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে অস্বাস্থ্যকৰ পৰিৱেশত মাংস বিক্রী কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

              অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম আৰু মহানগৰ আৰক্ষীৰ সহযোগত মহানগৰীৰ বিভিন্ন স্থানত সামাজিক দূৰত্ব ৰক্ষা কৰি স্বাস্থ্যসন্মত মাংস–কণী উপলব্ধ হৈছে নে নাই সেয়া চৰজমিন নিৰীক্ষণ কৰে৷ মহানগৰীৰ দিছপুৰ লাষ্টগেট, ছার্ভে, বেলতলা, বশিষ্ঠ, ছয়মাইল, জয়ানগৰ, হাতীগাঁও, খানাপাৰাকে ধৰি কেইবাটাও স্থানত অভিযান চলায় ৷ এই অভিযানত অনুমতিবিহীনভাৱে ব্যৱসায় চলোৱা ব্যৱসায়ীসকলৰ পৰা মাছ–মাংস–শাক–পাচলি জব্দ কৰে ৷ ইয়াৰ উপৰি ছয়মাইল আৰু বেলতলাত জিএমচিৰ অনুজ্ঞাপত্র নথকা দুখন দোকান অভিযানকাৰী দলটোৱে ছীল কৰে৷ জব্দকৃত সামগ্রীসমূহ বৃদ্ধাশ্রম আৰু অনাথ আশ্রমত বিতৰণ কৰে পৌৰ নিগমে ৷ এই অভিযানত পশুপালন বিভাগৰ সঞ্চালক ড০ পুলিন দাস, পৌৰ নিগমৰ যুটীয়া আয়ুক্তকে ধৰি বহুকেইগৰাকী বিষয়া–কর্মচাৰী উপস্থিত থাকে৷

You might also like