আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম: চন্দ্রপুৰত কৃষক সজালে চৰকাৰী চাকৰিয়ালক
নিয়মীয়া বাৰ্তা, ৮ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিহত কৰাৰ বাবে দেশজুৰি তৃতীয় পর্যায়ৰ লকডাউন চলি আছে৷ এই লকডাউনৰ সময়ত কামৰূপ মহানগৰ জিলাৰ অন্তর্গত চন্দ্রপুৰ উন্নয়ন খণ্ড এলেকাৰ অন্তর্গত দিন হাজিৰা কৰা লোক, ক্ষুদ্র ব্যৱসায়ী, শিপিনী আৰু কৃষক ৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷ এই ভয়াৱহ দুর্যোগৰ সময়ত কেন্দ্রীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে মূলতঃ দৰিদ্র কৃষক ৰাইজক সকাহ দিয়াৰ বাবে পিএম কিষাণ সম্মান নিধি আঁচনিৰ জৰিয়তে কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ টকা মোকলাই দিছে৷ এই আঁচনিৰ জৰিয়তে এজন কৃষকে কিস্তি হিচাপে বার্ষিক ৬ হাজাৰ টকাকৈ আর্থিক অনুদান লাভ কৰিব৷ এই আঁচনিখনৰ জৰিয়তে প্রকৃত কৃষক উপকৃত হোৱাতকৈ বেছি লাভান্বিত হৈছে এই আঁচনিখনৰ লগত জড়িত কৃষি বিভাগৰ বিষয়া–কর্মচাৰী৷
সমগ্র ৰাজ্যতে এই আঁচনিখন ৰূপায়ণত ভয়াৱহ দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে কামৰূপ মহানগৰ জিলাৰ চন্দ্রপুৰ উন্নয়ন খণ্ড এলেকাত ভয়াৱহ দুর্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ চন্দ্রপুৰ উন্নয়ন খণ্ড এলেকাৰ অন্তর্গত চন্দ্রপুৰ, পানীখাইতী আৰু পশ্চিম মায়ং গাঁও পঞ্চায়ত এলেকাৰ ৩০টা ৱার্ডত কৃষকৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্রত ব্যাপক অনিয়ম সংঘটিত কৰিছে চন্দ্রপুৰ কৃষি বিভাগৰ বিষয়া–কর্মচাৰীয়ে৷ বিষয়া–কর্মচাৰীসক কৃষক বাছনিৰ ক্ষেত্রত কোনো তথ্য নোলোৱাকৈ কোনো ৰাজনৈতিক নেতা–পালিনেতাৰ জৰিয়তে তালিকা বনাই হকে–বিহকে অনাকৃষক লোকৰ নাম তালিকাভুক্ত কৰি আঁচনিখন ৰূপায়ণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্রতিখন গাঁৱত তালিকাভুক্ত হোৱা কৃষকৰ নাম দেখি সর্বসাধাৰণ ৰাইজৰ চকু কপালত উঠিছে৷
তালিকাসমূহত সন্দেহজনক লোক, পঞ্চায়ত প্রতিনিধিৰ নিজৰ নামৰ লগতে অঙহী–বঙহীৰ নাম, চৰকাৰী চাকৰিয়াল, পেন্সনাৰ লোক, কৃষিপথাৰ গচকি নোপোৱা লোকৰ নামৰ উপৰি একাংশ বিজেপি নেতা–পালিনেতাৰ নাম অন্তর্ভুক্ত হৈছে৷ এনেদৰে কৃষকৰ আঁচনিত অন্য লোকৰ নাম অন্তর্ভুক্ত হোৱা সন্দর্ভত সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কার্যনির্বাহক টুটুমণি কলিতাই কয় যে স্বজন–তোষণৰ জৰিয়তে যিখন আঁচনি ৰূপায়ণ হ’ল সেই আঁচনিখনৰ ক্ষেত্রত উচিত তদন্ত হ’ব লাগে আৰু যিসকল চৰকাৰী বিষয়া–কর্মাচাৰী এই দুর্নীতিত লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে উচিত তদন্ত কৰি দৰিদ্র কৃষক ৰাইজক উপকৃত কৰিব লাগে৷