আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ভূমিপূজন
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ উত্তৰ গুৱাহাটীবাসীৰ বাবে সুখবৰ। আজি ভূমিপূজন হ’ল বহু প্ৰত্যাশিত গুবাহাটী আৰু উত্তৰ গুৱাহাটী মাজৰ নবনিৰ্মিত দলঙৰ। যানযঁটৰ সমস্যা পৰা কিছু সকাহ আৰু উত্তৰ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰকে ধৰি বাণিজ্যক্ষেত্ৰলৈও নতুন বাৰ্তা কঢ়িয়াই আনিব এই দলঙে। মুঠ ২৬০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই দলংখনৰ দৈঘ্য হ’ব ১৬০০ মিটাৰ। লগতে গুৱাহাটীৰ উত্তৰপাৰলৈ সম্প্ৰসাৰণ হ’ব গুৱাহাটী মেট্ৰ’পলিটান চিটী। মাত্ৰ ১৫ মিনিটতে সংযোগ হ’ব ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ। ৬ লেনযুক্ত এই দলংখন নিৰ্মাণৰ দলঙৰ ভূমি পূজন অনুষ্ঠানত আজি উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ বিত্ত তথা গড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই নতুন দলঙৰ জৰিয়তে IIT গুৱাহাটী আৰু AIIMSৰ সৈতেও ক্ষীপ্ৰ সংযোগ ঘটিব।