নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদাবাৰীত আৱর্জনা পেলাই পুতিছে পানী পৰিবাহী নলা

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ মহানগৰীৰ আদাবাৰী তিনিআলিৰ পৰা আনন্দনগৰ হৈ পাণ্ডুৱেদি ব্রহ্মপুত্রলৈ বৈ থকা পৰিবাহী বৃহৎ নলাটো জাবৰ–আৱর্জনাই পুতি পেলোৱাৰ উপক্রম কৰিছে৷ উল্লেখ্য যে বৃহত্তৰ পাণ্ডু অঞ্চলৰ বর্জিত পানীভাগ এই নলাটোৰে ওলাই ব্রহ্মপুত্রত পৰে৷ জানিব পৰা মতে পূর্বে পাণ্ডুৰ আনন্দনগৰ অঞ্চলত পথৰ দাঁতিতে দোকানী–ব্যৱসায়ীসক জাবৰ–আৱর্জনাসমূহ্ পেলাই আহিছিল৷ ফলত আদাবাৰী তিনিআলি–পাণ্ডু পথটো কদর্য হৈ পৰাত পৌৰ নিগমে পথৰ দাঁতিত কাঁটা তাঁৰৰ বেৰ বান্ধি পথৰ দাঁতিত জাবৰ পেলোৱা বন্ধ কৰি দিয়ে৷ ইয়াৰ পিছত দোকানী–ব্যৱসায়ীকে ধৰি একাংশ নাগৰিকে জাবৰ–আৱর্জনাসমূহ্ নলাটোত নিক্ষেপ কৰি অহাৰ ফলত নলাটো জাবৰ–আৱর্জনাৰে ভৰি পৰিছে৷ আনহাতে গুৱাহাটী পৌৰ নিগমে উক্ত অঞ্চলটোত ডাষ্টবিন স্থাপন নকৰাৰ লগতে পানী পৰিবাহী নলাটো পৰিষ্কাৰ নকৰাত নলাটোৰ পানী পৰিবহণ বন্ধ হোৱাৰ উপক্রম ঘটিছে৷ যদিহে বাৰিষাৰ পূর্বে নলাটো পৰিষ্কাৰ কৰি তোলা নহয়, তেন্তে বৃহত্তৰ পাণ্ডু অঞ্চলত কৃত্রিম বানপানীৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷

You might also like