নিয়মীয়া বাৰ্তা, ৮মার্চঃ স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ৰ উদ্যোগত আন্তর্জাতিক নাৰী দিৱস উপলক্ষে শনিবাৰে অসম সাহিত্য সভাৰ গুৱাহাটী কার্যালয়স্থিত নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষত এক অনুষ্ঠান আয়োজন কৰে৷ পূর্বালী শর্মা বৰদলৈৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত পদ্মশ্রী এলি আহমেদক অপর্ণা দাস সোঁৱৰণী সদিচ্ছা সাংস্কৃতিকবঁটা, প্রবীণ ক্রীডাবিদ সুমিত্রা হাজৰিকাক ৰুবী হাজৰিকা সোঁৱৰণী সদিচ্ছা ক্রীডা বঁটা, গুৰুদুজনাৰ গুণমালা আৰু ভাগৱত তাঁতশালত বৈ তোলা কাজী শিপিনী হেমপ্রভা চুতীয়াক ‘আৰতি দাস সোঁৱৰণী সদিচ্ছা সমাজসেৱা বঁটা প্রদান কৰা হয়৷ লগতে সমাজকর্মী জাহ্ণৱী গোস্বামী, মহিলা উদ্যোগী অঞ্জলি বৰা আৰু অসমত ই–ৰিক্সাৰ প্রযুক্তিৰ প্রচলনেৰে নতুন চিন্তাৰ উন্মেষক ৰঞ্জিতা পেগুক সদিচ্ছা সন্মান প্রদান কৰা হয়৷ মাহেকীয়া আলোচনী ‘নন্দিনী’ৰ সম্পাদিকা সুলেখিকা মাইনী মহন্ত মুখ্য অতিথি ৰূপে উপস্থিত থাকি নাৰী অনাদিকালৰ পৰাই সবল বুলি উল্লেখ কৰি কয় যে তাক কার্যত পৰিণত কৰিবলৈহে নাৰীক এচামে সুযোগ দিয়াত অনীহা প্রকাশ কৰে৷ ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে স্বভাৱগত হাস্যৰসেৰে ভৰপূৰ ভাষণৰ লগতে এটি গীত পৰিৱেশন কৰে৷ আন এগৰাকী বিশিষ্ট অতিথি জনপ্রিয় অভিনেত্রী চেতনা দাসে ঘৰখনৰ সঠিক পৰিচালনাই সমাজৰ প্রতি নাৰীৰ আচল দায়িত্ব আৰু অৱদানবুলি উল্লেখ কৰে৷ ‘সদিচ্ছা’ৰ সভাপতি মনালিছা বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটো পৰিচালনা কৰে সম্পাদক ময়ূৰী দত্তই৷