আৰক্ষী–পৌৰ নিগমৰ পৃষ্ঠপোষকতাত নাৰেংগীৰ কলংপাৰ বজাৰত ছিণ্ডিকেটৰাজ
নিয়মীয়া বার্তা, ৫ মার্চঃ মহানগৰীৰ নাৰেংগীত কলংপাৰ বজাৰক লৈ এক বৃহৎ ছিণ্ডিকেট চক্র গঢ়ি তুলিছে এটা অসাধু চক্রই ৷ প্রাপ্ত তথ্য অনুসৰি এই চক্রটোৱে ব্যৱসায়ীসকলৰ পৰা দৈনিক বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰি আছে৷ এই ছিণ্ডিকেট চক্রটোৰ লগত পৌৰ নিগমৰ একাংশ বিষয়া–কর্মচাৰী আৰু স্থানীয় আৰক্ষী জড়িত থকা বুলিও অভিযোগ উত্থাপিত হৈছে৷ উল্লেখ্য যে নাৰেংগী ষ্টেচনৰ সমীপত আজিৰ পৰা কেইবাবছৰো পূর্বে কলংপাৰ বজাৰ নামেৰে এখন বজাৰ স্থাপন হৈছিল৷ কলংপাৰ যাত্রীবাহী ৰে’লৰে অহা ব্যৱসায়ীসকলৰ দ্বাৰা স্থাপন হোৱা কলংপাৰ বজাৰখন ক্রমান্বয়ে বাঢ়ি গৈ এখন বৃহৎ বজাৰলৈ ৰূপান্তৰ হয়৷ বজাৰখনৰ পৰিসৰ বৃদ্ধি হোৱাৰ পৰিপ্রেক্ষিতত তেতিয়াই বজাৰখনক লৈ গঢ়ি উঠে ছিণ্ডিকেটৰাজ৷ তাৰ পিছতে এই ছিণ্ডিকেট চক্রটোৱে পৰৱর্তী সময়ত নাৰেংগী–চন্দ্রপুৰ পথৰ দুয়োকাষে অকর্তৃত্বশীলভাৱে ব্যৱসায়ীসকলক পাচলি বিক্রী কেন্দ্র খুলিবলৈ অনুমতি দিয়ে৷ ফলত চাৰিলেনযুক্ত মূল গড়কাপ্টানী পথৰ দুয়োকাষে প্রায় এক কিলোমিটাৰ এলেকাৰ পদপথ আৰু মূল পথৰ প্রায় অধিক অংশত অবৈধভাৱে বজাৰ স্থাপন কৰে ব্যৱসায়ীসকলে৷ ছিণ্ডিকেট চক্রটোৰ পোনপটীয়া ছত্রছায়াত সুবিধা প্রদান কৰা মতে তাৰ বিনিময়ত প্রতিগৰাকী ব্যৱসায়ীৰ পৰা দৈনিক ৫০ টকাৰ পৰা দুশ টকা পর্যন্ত ধন সংগ্রহ কৰে চক্রটোৱে৷ প্রত্যক্ষ কৰা অনুসৰি এনেদৰে পদপথ আৰু মূল পথত দুই শতাধিক ব্যৱসায়ীয়ে বজাৰ পাতি বহাৰ ফলত পুৱা ১১ বজালৈ আৰু বিয়লিৰ পৰা সন্ধিয়া ৮ বজালৈ তীব্র যান–জঁটৰ সৃষ্টি হয় সেই স্থানত৷ সেই সময়ছোৱাত আনকি বাহনৰ চলাচল স্তব্ধ হৈ পৰাই নহয়, খোজকাঢ়ি চলাচল কৰাৰ ক্ষেত্রতো যথেষ্ট সমস্যাৰ সন্মুখীন হয় পথচাৰী৷ আনহাতে, বজাৰ কৰিবলৈ ক্রেতাসকলেও পথৰ মাজতে নিজৰ বাহন আদি ৰাখি বজাৰ কৰাত ব্যস্ত হৈ পৰাৰ ফলত অঞ্চলটো এক প্রকাৰ দুর্ঘটনাপ্রৱণ এলেকালৈ পৰিণত হয়৷ আচৰিত কথা যে নুনমাটি আৰক্ষীৰ লোকে এই ভয়ানক পৰিস্থিতিৰ ক্ষেত্রত চকুমুদা কুলিৰ ভাও ধৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ একেদৰে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষয়ো এচাম বিষয়াৰ পকেট গৰম ৰখাৰ স্বার্থত বৃহৎ বজাৰখনৰ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ কৰা নাই৷