নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গুৱাহাটী গ্রন্থমেলাৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ অসম প্রকাশন পৰিষদৰ উদ্যোগত আয়োজন কৰা ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ লাইখুঁটা আজি চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত স্থাপন কৰা হ’ব ৷ অহা ১৪ মার্চৰ পৰা ২৫ মার্চলৈ বিস্তৃত কার্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই গ্রন্থমেলাৰ লাইখুঁটা দিনৰ ১১.৩০ বজাত স্থাপন কৰিব বিশিষ্ট বিজ্ঞানী তথা সাহিত্যিক ড০ দীনেশ চন্দ্র গোস্বামীয়ে ৷ উল্লেখ্য যে ব্যাপক উৎসাহ–উদ্দীপনাৰে আয়োজন কৰা ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাত ইতিমধ্যে ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ শতাধিক গ্রন্থ বিপণীয়ে অংশগ্রহণ নিশ্চিত কৰিছে ৷ অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এক প্রেছ বিজ্ঞপ্তিত জনোৱা মতে অহা ১৪ মার্চৰ বিয়লি ৩ বজাত ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে উদ্বোধন কৰিব ৷ উক্ত উদ্বোধনী অনুষ্ঠানত পৌৰোহিত্য কৰিব বিত্ত–স্বাস্থ্য–শিক্ষা আৰু গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জ্ঞানপীঠ বঁটা বিজয়ী প্রখ্যাত উড়িয়া সাহিত্যিক ড০ প্রতিভা ৰায় ৷ এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ইণ্ডোনেছিয়াৰ প্রখ্যাত পাৰফৰমিং পয়েট তাৰা নৌচানতাৰা, বিশিষ্ট উড়িয়া সাহিত্যিক পাৰমিতা সৎপথী ৷

You might also like