উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ অহা আৱদ্ধ ফেৰীক উদ্ধাৰ এন ডি আৰ এফৰ
নিয়মীয়া বার্তা, ১ জানুৱাৰী: বছৰটোৰ প্ৰথম দিনটোত নতুন বছৰক লৈ উছাহ -আনন্দৰ মাজতে আজি পুৱা ৯ বজাত উত্তৰ গুৱাহাটীৰ পৰা ৮ জন যাত্ৰী লৈ গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটলৈ অহা অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰী এখন ব্ৰহ্মপুত্ৰৰ মাজত কম পানীৰ বাবে বালিত লাগি আবদ্ধ হৈ পৰে । পাছত এই বিষয়ে জানিব পাৰি প্ৰায় এক কিঃমিঃ নিলগৰ উজানবজাৰে ঘাটত থকা প্ৰথম এন ডি আৰ এফ বাহিনীৰ এটা দল অত্যাধুনিক মটৰ বোট লৈ ঘটনাস্থলীত উপস্থিত হৈ ফেৰীত আৱদ্ধ যাত্ৰী কেইজনক নিৰাপদে উদ্ধাৰ কৰে । এন ডি আৰ এফৰ দলটোৱে আৱদ্ধ ফেৰীখনকো পাছত সুচল কৰিবলৈ সক্ষম হয় । আনহাতে প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে উদ্ধাৰ অভিযানত ভাগ লোৱা বাহিনীটোৰ সকলোকে উচ্চ প্ৰশংসা কৰি যিকোনো দুৰ্যোগৰ সময়ত বাহিনীটো ৰাইজৰ ওচৰত সদায় থাকিব বুলি ব্যক্ত কৰিছে ।