নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনে অৱস্থাত উত্তৰ-পূবৰ দুৱাৰমুখ জালুকবাৰী ৰটাৰী পইণ্ট !

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে পৰিচিত জালুকবাৰী ৰটাৰী পইণ্টৰ কদৰ্য পৰিৱেশে নাগৰিকসকলক অতিষ্ঠ কৰি তোলাৰ লগতে গুৱাহাটী মহানগৰীলৈ অহা অন্য ৰাজ্যৰ নাগৰিকসকলৰ মনত গুৱাহাটী সম্পৰ্কে বিৰূপ প্ৰভাৱ পেলাইছে । জালুকবাৰী উৰণীয়া সেঁতুৰ খানাপাৰা অভিমুখী তথা লাচিত পাৰ্কৰ সন্মুখৰ অংশ আৰু উত্তৰ দিশে পূৰ্বৰ জালুকবাৰী আৰক্ষী চকীৰ কাষৰ অংশখিনিত আৱদ্ধ হৈ থকা গেলাপানী আৰু আৱৰ্জনাই সমগ্ৰ জালুকবাৰী ৰটাৰী পইণ্টটো দূষিত কৰি পেলাইছে । উৰণীয়া সেঁতুখন নিৰ্মাণৰ পিছত পূৰ্বৰ লাচিত উদ্যানৰ সন্মুখেৰে থকা পথটোৰ চলাচল বন্ধ হৈ পৰে । উক্ত পথটো বন্ধ কৰি উদ্যানৰ পাছফালেৰে অন্য এটা পথ নিৰ্মাণ কৰে । পথটোৰে চলাচল বন্ধ হৈ পৰাৰ লগতে পানী ওলাই যোৱা পথবোৰো বন্ধ হৈ পৰাত এতিয়া পথটো গেলাপানীৰে পৰিপূৰ্ণ হৈ পুখুৰীত পৰিণত হৈছে । আনহাতে উৰণীয়া সেঁতুৰ তলত অবৈধভাৱে গঢ়ি উঠা আস্থান আৰু অস্থায়ী দোকানীসকলে অৱশিষ্ট আৱৰ্জনাসমূহ য’তে-ত’তে পেলোৱাৰ ফলত কদৰ্যময় হৈ পৰিছে উৰণীয়া সেঁতুৰ তল । মন কৰিবলগীয়া যে, স্বচ্ছ ভাৰত অভিযানৰ নামত মাজে-সময়ে ভিন্ন দল-সংগঠনে জালুকবাৰীৰ সমাধিক্ষেত্ৰ বা জালুকবাৰীৰ ৰাজপথত ঝাড়ু মাৰি বাঃ বাঃ আদায় কৰে যদিও জালুকবাৰী উৰণীয়া সেঁতুৰ তলৰ আৱৰ্জনা আৰু গেলাপানীৰে পৰিপূৰ্ণ অংশখিনি পৰিষ্কাৰ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে । এইক্ষেত্ৰত কিন্তু অস্থায়ী আস্থান আৰু কাঠফুলাৰ দৰে পদপথত গঢ়ি উঠা দোকানসমূহো সমানেই দায়ী ।

You might also like