নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাল–পিটনি–জলাশয়ত অবাধ হাৰত গৃহ নির্মাণ

মহানগৰীৰ পশ্চিম প্রান্তত ভয়ংকৰ পৰিস্থিতিৰ আশংকা

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ খৰালি কাল আৰম্ভ হোৱাৰ পিছতে মহানগৰীৰ পশ্চিম প্রান্তৰ বিভিন্ন অঞ্চলত আৰম্ভ হৈছে গৃহ নির্মাণৰ কাম ৷ মহানগৰীৰ পশ্চিম প্রান্তৰ আজাৰা, গড়ল, ধাৰাপুৰ, খানামুখ, লংকেশ্বৰ, সাতমাইল বাইপাছ, তেতেলিয়া, বৰাগাঁও আদিত বহু লোকে আৰম্ভ কৰিছে গৃহ নির্মাণৰ প্রাৰম্ভিক কাম–কাজ ৷ এই অঞ্চলবোৰত বাম মাটিৰ নাটনি হোৱাত খাল, পিটনি, জলাশয় আদিৰ মাটি ক্রয় কৰি সেইবোৰত মাটি পূৰাই আছে ৷ দশক দশক ধৰি বাৰিষাৰ দিনত বিপুল পৰিমাণৰ পানী ধৰি ৰখা এই প্রাকৃতিক জলাশয়বোৰ মাটিৰে পূৰ কৰি পেলোৱাৰ পিছত দাঁতিকাষৰীয়া পুৰণি বাসিন্দাসকল চৰম দুর্ভোগৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷

ইতিমধ্যে প্রাকৃতিক খাল, পিটনি আদি পুতি অট্টালিকা নির্মাণ কৰা বাসিন্দাসকলে পানী পৰিবহণৰ বাবে কোনো নলাৰ ব্যৱস্থা কৰা নাই ৷ এতিয়া অৱশিষ্ট খাল, পিটনি, জলাশয়বোৰ মাটিৰে পূৰাই গৃহ নির্মাণ সম্পূর্ণ হ’লে এটা দশক পিছতে পশ্চিম প্রান্তত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব ৷ কিয়নো প্রাকৃতিক জলাশয়বোৰৰ ওচৰে–পাঁজৰে থকা বাসিন্দাসকলৰ ঘৰবোৰ তুলনামূলকভাৱে বৰ চাপৰ৷ বছৰ বছৰ ধৰি এই বাসিন্দাসকলৰ অৱশিষ্ট পানী আৰু বৰষুণৰ পানী এই জলাশয়বোৰে ধৰি ৰাখিছিল ৷ কিন্তু জলাশয়বোৰ ক্রমাৎ নিঃশেষ হৈ অহা বাবে কিছু বছৰ পিছতে এজাক বৰষুণতে এই অঞ্চলবোৰত সৃষ্টি হ’ব কৃত্রিম বানপানী ৷ ইতিমধ্যে লংকেশ্বৰ, খানামুখৰ ৰূপালীম নগৰ, হৰিদেৱ নগৰ আদিত এজাক বৰষুণতে কৃত্রিম বান সৃষ্টি হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ কোনোদিনে বানপানী নোহোৱা এই অঞ্চলবোৰ এজাক মুষলধাৰ বৰষুণৰ পিছতে কেইবাদিনলৈ পানীৰ মাজত আবদ্ধ হৈ থাকে ৷ তদুপৰি সাতমাইলৰ পৰা অসম বন বিদ্যালয়ৰ সন্মুখেৰে লংকেশ্বৰ হৈ খানা নৈ সংযোগী পানী পৰিবাহী নলাটো কেইবাঠাইতো বেদখলকাৰীয়ে পুতি নিশ্চিহ্ণ কৰাৰ উপক্রম কৰিছে ৷

উল্লেখ্য যে জি এম ডি এৰ উপ–বিধিৰ ৫৮.৩ নং অনুচ্ছেদত অট্টালিকাসমূহৰ চাৰিওফালে ৮ৰ পৰা ১০ ফুট ঠাই মুকলিকৈ ৰখাৰ নিয়ম বান্ধি দিয়া হৈছে ৷ উপ–বিধি ৫৮.১ (খ) অনুচ্ছেদত অট্টালিকা নির্মাণ কৰা ঠাইখিনিৰ মুঠ মাটিকালিৰ ৪০ শতাংশ ঠাই মুকলিকৈ ৰখাৰ নির্দেশ দিয়া আছে ৷ তদুপৰি ১৫ মিটাৰতকৈ অধিক উচ্চতাৰ অট্টালিকা নির্মাণ হ’লে ৰাষ্ট্রীয় গৃহ নির্মাণ বিধি অনুসৰি দুটা চিৰিৰ ব্যৱস্থা থাকিব লাগিব ৷ কিন্তু এই নিয়মসমূহ অমান্য কৰি অবাধ হাৰত গৃহ নির্মাণ চলি আছে ৷ কিয়নো এক বা ডেৰ কঠা মাটি কিনি অট্টালিকা নির্মাণ কৰা ব্যক্তিয়ে বিধি অনুসৰি চৌহদত ৪০ শতাংশ খালী ঠাই ৰখা বা ঘৰৰ চাৰিওফালে ৮–১০ ফুট ঠাই মুকলিকৈ ৰখাটো অসম্ভৱ ৷ যদিহে চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষই মহানগৰীৰ পশ্চিম প্রান্তত অবাধ হাৰত প্রাকৃতিক জলাশয় পুতি থকা কার্য বন্ধ বা নিয়ন্ত্রণ নকৰে আৰু বিধি অনুসৰি নির্মাণ নকৰা গৃহৰ গৰাকীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ নকৰে, তেন্তে অদূৰ ভৱিষ্যতে মহানগৰীৰ পশ্চিম প্রান্তত কৃত্রিম বানে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনা আছে ৷

You might also like