নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰি–দক্ষিণগাঁৱত ৩খন ফল–মূলভর্তি বাহন জব্দ

মহানগৰ বার্তা, ২৮ এপ্রিলঃ সর্বগ্রাসী ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে দেশত চলি থকা দীঘলীয়া লকডাউনৰ মাজতেই একাংশ অসাধু ব্যৱসায়ীয়ে ৰমজানৰ সুযোগ গ্রহণ কৰিছে৷ পৱিত্র ৰমজান মাহৰ সুযোগ গ্রহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীত লকডাউন উলংঘাৰে ফল–মূল, শাক–পাচলি আৰু মাছ–মাংস বিক্রী কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ মহানগৰীৰ বিভিন্ন প্রান্তত প্রশাসনৰ বিনা অনুমতিত মুনাফাখোৰ ব্যৱসায়ীসকলে চোৰাংভাৱে ফল–মূল, মাছ–মাংস আদি বিক্রী কৰা পৰিলক্ষিত হৈছে৷ গুৱাহাটী পৌৰ নিগমে ভগদত্তপুৰ আৰক্ষীৰ সহযোগত মহানগৰীৰ গণেশ মন্দিৰৰ পৰা জটিয়া আৰু দক্ষিণগাঁৱৰ পদপথৰ কাষত গঢ় লৈ উঠা এনে অবৈধ দোকান–পোহাৰৰ বিৰুদ্ধে অভিযান চলাই তিনি ভান ফল–মূল আৰু পাচলি জব্দ কৰে৷ ভগদত্তপুৰ আৰক্ষী সূত্রই প্রকাশ কৰা মতে, ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা চোৰাংভাৱে ফল–মূল আৰু পাচলি কঢ়িয়াই আনি লকডাউন উলংঘাৰে সামাজিক দূৰত্ব বজাই নাৰাখি ব্যৱসায়ীসকলে পদপথৰ দাঁতিত বিক্রী কৰি পৰিৱেশ বিনষ্ট কৰিছে৷ তদুপৰি ব্যৱসায়ীসকলে ফল–মূল আৰু শাক–পাচলিৰ লগতে মাছ–মাংস বিক্রী কৰি মহানগৰবাসীৰ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ গুৱাহাটী পৌৰ নিগমে আৰক্ষীৰ সহযোগত গণেশ মন্দিৰৰ পৰা দক্ষিণগাঁৱলৈ পদপথৰ দুয়োকাষে গঢ় লৈ উঠা এনে অবৈধ ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰে৷ অভিযান কালত পৌৰ নিগমে তিনি ভান পাচলি আৰু ফল–মূল জব্দ কৰে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই৷ ইপিনে, ভগদত্তপুৰ আৰক্ষীৰ সহযোগত ফিছফেডে দক্ষিণগাঁৱৰ বিভিন্ন স্থানত অভিযান চলাই অবৈধভাৱে বিক্রী কৰিবলৈ অনা প্রায় ডেৰ কুইণ্টল মাছ জব্দ কৰে৷ উল্লেখ্য যে ৰমজানৰ সময়ছোৱাত যাতে মহানগৰীৰ বজাৰত ফল–মূল আৰু পাচলিৰ নাটনি নহয়, তাৰ বাবে যোগান মন্ত্রীৰ নির্দেশ মর্মে কামৰূপ মহানগৰ জিলা প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰি ফল–মূল বিক্রীৰ বাবে অনুমতি প্রদান কৰিছে৷ প্রশাসনৰ অনুমতিপ্রাপ্ত ব্যৱসায়ীসকলে নির্দিষ্ট স্থানত সামাজিক দূৰত্ব বজাই ৰাখি ফল–মূল আৰু শাক–পাচলি বিক্রীৰ বাবে অনুমতি লাভ কৰিছে৷ তদুপৰি প্রশাসনে এইসকল ব্যৱসায়ীক ভেনযোগে ঘৰে ঘৰে ফল–মূল আৰু পাচলি যোগানৰ বাবে অনুমতি প্রদান কৰে৷ জিলা প্রশাসনৰ অনুমতিৰ সুযোগ গ্রহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে ঘৰে ঘৰে ফল–মূল বিক্রীৰ বিপৰীতে পথৰ দাঁতিত ফল–মূল বিক্রী কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে গুৱাহাটী পৌৰ নিগম আৰু আৰক্ষীৰ সহযোগত জিলা প্রশাসনে এনে অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷

You might also like