গুৱাহাটীত পেলিয়েটিভ কেয়াৰৰ আন্তর্জাতিক সন্মিলন আৰম্ভ
কেঞ্চাৰ ৰোগৰ চিকিৎসাত আগবঢ়োৱা সেৱাৰ বাবে পদ্মশ্রীপ্রাপক ৰবি কান্নানক সম্বর্ধনা
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ প্রতিশ্রুতি, বিশ্বাস আৰু প্রেৰণাক মূল বিষয় হিচাপে লৈ অসমত উপশমী পৰিচর্যাক উদ্গনি দিবলৈ তিনিদিনীয়া কার্যসূচীৰে শুকুৰবাৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত ইণ্ডিয়ান এছ’চিয়েচন অৱ পেলিয়েটিভ কেয়াৰৰ আন্তর্জাতিক সন্মিলন আৰম্ভ হয়৷ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু বিত্ত বিভাগৰ আয়ুক্ত সচিব কৃষ্ণা গোহাঁয়ে অসমত কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ সা–সুবিধা আৰু পেলিয়েটিভ কেয়াৰ উপলব্ধ কৰিবলৈ লোৱা পদক্ষেপসমূহ ব্যাখ্যা কৰে৷ এইক্ষেত্রত তেওঁ আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ অসমৰ বিভিন্ন জিলাত গ্রহণ কৰা আঁচনিসমূহৰ কথাও উল্লেখ কৰে৷ সভাত সন্মানীয় অতিথি প্রফেছৰ অলক কুমাৰ বুঢ়াগোহাঁয়ে পেলিয়েটিভ কেয়াৰ সামাজিক জীৱনত অতিকৈ আৱশ্যকীয় দিশ বুলি অভিহিত কৰি সকলোকে অংশগ্রহণৰ বাবে আহ্বান জনায়৷ অনুষ্ঠানত অসমত কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্রত অগ্রণী ভূমিকা লোৱা চিকিৎসক পদ্মশ্রী ৰবি কান্নানক কর্মৰ স্বীকৃতি প্রদান কৰি ৰাজহুৱা সম্বর্ধনা জনোৱা হয়৷ অসম তথা উত্তৰ–পূর্বাঞ্চলত পেলিয়েটিভ কেয়াৰৰ সমগ্র ব্যৱস্থাটোৰ বাটকটীয়া ডাঃ দীনেশ গোস্বামীক ইণ্ডিয়ান এছ’চিয়েচনৰ তৰফৰ পৰা বিশেষভাৱে সম্বর্ধনা জনোৱা হয়৷ অনুষ্ঠানত ইণ্ডিয়ান এছ’চিয়েচনৰ সভাপতি বিশিষ্ট চিকিৎসক ডাঃ সুষমা ভাটনাগৰে পেলিয়েটিভ কেয়াৰ উত্তৰ–পূর্বাঞ্চলৰ সমূহ ৰাজ্যলৈ প্রসাৰ আৰু প্রচাৰৰ বাবে সকলো স্তৰৰ সহায় আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে৷ বিদেশৰ ৪০গৰাকী প্রতিনিধিৰ লগতে ভাৰতৰ প্রায় ৮০০ প্রতিনিধিয়ে এই তিনিদিনীয়া অধিৱেশনত অংশগ্রহণ কৰে৷ অনুষ্ঠানত ডাঃ ভুবনেশ্বৰ বৰুৱা কর্কট প্রতিষ্ঠান, অসম কর্কট প্রতিষ্ঠান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷ আদৰণী সমিতিৰ হৈ ডাঃ ভৱেশ চন্দ্র দাসে শলাগৰ শৰাই আগবঢ়ায়৷