মেঘালয়ৰ পাহাৰত অবাধ খননঃ গুৱাহাটীলৈ ১৮০ ডাম্পাৰেৰে কঢ়িয়ায় ৰঙামাটি
চুবুৰীয়া ৰাজ্যত চলি থকা পাহাৰ খননৰ ফলতেই মহানগৰীত কৃত্রিম বান
নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নমাইল, দহমাইল আৰু বাৰমাইলত অব্যাহত আছে পাহাৰ খনন৷ মেঘালয়ৰ এই তিনি স্থানত বিমল মিত্র, জি লাপাং, জয় খাৰজাৰিনৰ নেতৃত্বত পাহাৰ খনন কৰি গুৱাহাটীলৈ নিতৌ নিশাৰ ভাগত একাংশ মাফিয়াই শ শ ট্রাক–ডাম্পাৰেৰে ৰঙামাটি সৰবৰাহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷
অভিযোগ অনুসৰি বন মাফিয়া বাবলি, হিতেশ মহন্ত, ৰাজেশ সোণাৰ, দীপক তালুকদাৰ আৰু গংগাকে ধৰি কেইবাজনো মাফিয়াই নিশাৰ ভাগত কৰ ফাঁকিৰে গুৱাহাটীলৈ ৰঙামাটিৰ সৰবৰাহ অব্যাহত ৰাখিছে৷
নমাইল, দহমাইল আৰু বাৰমাইলৰ পৰা প্রতিনিশা ১৮০খন ট্রাক–ডাম্পাৰেৰে গুৱাহাটীলৈ ৰঙামাটি কঢ়িয়াই আছে৷ আৰক্ষী আৰু বন বিভাগৰ নাম লৈ বাবলি, হিতেশ মহন্ত আৰু ৰাজেশ সোণাৰে প্রতিখন ট্রাক–ডাম্পাৰৰ মালিকৰ পৰা মাহে ১৫ হাজাৰকৈ সংগ্রহ কৰি আহিছে৷
প্রতিমাহে ১৮০খন ট্রাকৰ পৰা এই ত্রিমূর্তিয়ে সংগ্রহ কৰা মোটা অংকৰ ধন নিয়মীয়াকৈ আদায় দি অহাৰ বাবেই ব্যৱসায়ী চক্রটোৱে বন বিভাগ আৰু আৰক্ষীৰ চকুৰ সন্মুখেৰে নিশাৰ ভাগত নির্বিঘ্ণে গুৱাহাটীলৈ ৰঙামাটি সৰবৰাহ অব্যাহত ৰখা বুলি সর্বত্র চর্চা চলিছে৷ মেঘালয়ৰ পৰা গুৱাহাটীলৈ ৰঙামাটি কঢ়িওৱাৰ নামত ৰাজনৈতিক আশিসপুষ্ট এই ছিণ্ডিকেট চক্রটো পুনৰ সক্রিয় হৈ পৰিছে৷
মেঘালয়ৰ নমাইল, দহমাইল আৰু বাৰ মাইলত এনেদৰে চলি থকা পাহাৰখননৰ বাবেই গুৱাহাটী মহানগৰীত বাৰিষা কৃত্রিম বানৰ সৃষ্টি হৈ আহিছে৷
কামৰূপ মহানগৰ জিলা প্রশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন বিভাগে কৃত্রিম বান ৰোধৰ বাবে গুৱাহাটী মহানগৰীৰ কাষতে থকা মেঘালয়ৰ পাহাৰ খনন বন্ধ কৰিবলৈ মেঘালয় চৰকাৰলৈ পত্রও প্রেৰণ কৰিছিল৷ কিন্তু দীর্ঘদিন ধৰি ৰঙামাটিৰ ব্যৱসায় চলাই অহা চক্রটোৱে মেঘালয় চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি এই বিষয়টোক গাপ দি ৰাখিছে বুলি অভিযোগত প্রকাশ৷
কৰ ফাঁকিৰে ছিণ্ডিকেট চক্রটোৱে ৰঙামাটিৰ ব্যৱসায় চলাই অহাৰ পিছতো আৰক্ষী আৰু বন বিভাগে কোনো ব্যৱস্থা গ্রহণ নকৰাটো ৰহস্যজনক ৰূপে বিবেচিত হৈছে৷ মেঘালয়ৰ পৰা বাবলি, হিতেশ আৰু ৰাজেশৰ নেতৃত্বত কৰফাঁকিৰে চলি থকা ৰঙামাটিৰ ব্যৱসায় বন্ধ কৰা আৰু নিশাৰ মহানগৰীৰ ৰাজপথত ট্রাক ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে বনমন্ত্রী আৰু মহানগৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷