নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘন কুঁৱলীৰ বাবে বৰঝাৰত কেইবাখনো বিমানৰ অৱতৰণত বিলম্ব; যাত্রীৰ মাজত হাহাকাৰ

নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত ঘন কুঁৱলীৰ বাবে পুৱাৰ ভাগত বিমানৰ অৱতৰণ কার্যত প্রায় এঘণ্টাৰো অধিক সময় ব্যয় হয়৷

বৰঝাৰ বিমানবন্দৰ কর্তৃপক্ষই সদৰী কৰা অনুসৰি পুৱা ৮.১০ বজালৈ ঘন কুঁৱলীৰ বাবে বিমানবন্দৰৰ ৰানৱেৰ দৃশ্যমানতা বহুখিনি হ্রাস পোৱাত নতুন দিল্লীৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগোৰ বিমান পুৱা ৭.১৫ বজাৰ সলনি এঘণ্টা পলমকৈ ৮.২৫ বজাতহে অৱতৰণ কৰে৷

তেনেদৰে নতুন দিল্লী, কলকাতাৰ পৰা অহা এয়াৰ এছিয়া আৰু স্পাইটজেটৰ বিমান ৭.৪৫ বজা আৰু ৮ বজাৰ পৰিৱর্তে প্রায় আধা ঘণ্টা পলমকৈ অৱতৰণ কৰে৷

ইয়াৰ উপৰি ডিব্রুগড়ত মোহনবাৰী বিমানবন্দৰত আগবেলা ঘন কুঁৱলীয়ে ঢাকি ৰখাত কলকাতাৰ পৰা ডিব্রুগড় অভিমুখী এয়াৰ এছিয়াৰ বিমানখন পুৱা ৯.৩০ বজাত ডিব্রুগড়ত অৱতৰণ কৰিব নোৱাৰি ১১ বজাত বৰঝাৰত অৱতৰণ কৰে৷

You might also like