নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰীসেৱা পুনৰ আৰম্ভ

নিয়মীয়া বার্তা, ২৬ জুনঃ গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা আজিৰে পৰা পুনৰ আৰম্ভ হৈছে৷ ব্রহ্মপুত্রৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত যোৱা ১৯ জুনৰ পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা অনির্দিষ্টকালৰ বাবে বন্ধ ৰাখিছিল যদিও জলস্তৰ কমি অহাত আজি পুৱা ৬.৩০ বজাৰ পৰা যাত্রীৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি এই ফেৰীসেৱা পুনৰ মুকলি কৰে৷ ৰাজাদুৱাৰ ঘাট আৰু মাজগাঁৱৰ পৰা ফেৰী চলাচল কৰিছে যদিও মধ্যমখণ্ড ঘাট আজিও সাজু হোৱা নাই৷ অৱশ্যে সন্ধিয়া ৬.১৫ বজালৈহে যাত্রীসকলৰ বাবে এই সেৱা উপলব্ধ হ’ব বুলি আভ্যন্তৰীণ জল পৰিবহণৰ সূত্রই সদৰী কৰে৷

You might also like