নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱনৰ মূল্য

কেইদিনমানৰ আগতে মই মোৰ শৰীৰত পেচমেকাৰ স্থাপন কৰিব লগা হ’ল৷ মোৰ বন্ধুসকলে কোৱামতে আজিকালি পেচমেকাৰ চকুৰ চছমাৰ নিচিনাই সাধাৰণ কথা হৈ পৰিছে৷ অৱশ্যে বন্ধুসকলৰ কথা অলপ অতিৰঞ্জিত যেন লাগে৷ শৰীৰত পেচমেকাৰ স্থাপন কৰাৰ লগত কিছু অনিবার্য শাৰীৰিক যন্ত্রণা জড়িত হৈ থাকে৷ সি যি কি নহওক, জর্জ বার্নার্ড শ্ব’ই তেওঁৰOne Can Never Tell নামৰ নাটকত কোৱাৰ দৰে প্রত্যেকজন মানুহেই কিছু অপৰিহার্য যন্ত্রণা সহ্য কৰিবলৈ শিকা উচিত৷
পেচমেকাৰ Pacemaker) হ’ল এটা ক্ষুদ্র বৈদ্যুতিক যন্ত্র৷ মানুহৰ স্বাভাৱিক হূদযন্ত্রৰ কামত কিবা বিজুতি ঘটিলে এই কৃত্রিম বৈদ্যুতিক যন্ত্রটো স্থাপন কৰি দিয়া হয়, আৰু সি হূদযন্ত্রৰ কাম সুষম ছন্দত চলি থকাত সহায় কৰে৷ মোটামুটিভাৱে মই পেচমেকাৰৰ বিষয়ে এইখিনি কথাকে বুজি লৈছোঁ৷ মোৰ কোনো কোনো ডাক্তৰ বন্ধুৰ মতে মোৰ পেচমেকাৰৰ কোনো প্রয়োজন নহ’লহেঁতেন– যদিহে মই জীৱনৰ বাকী থকা দিনকেইটা কোনো কাম–বন নকৰি আৰু কোনো কামৰ দায়িত্ব নলৈ শুই–বহি থাকিবলৈ সিদ্ধান্ত ল’লোঁহেঁতেন৷ কিন্তু মই সেইসকল অভিশপ্ত মানুহৰ ভিতৰৰ এজন– যিজন মানুহ ঈশ্বৰ–বিশ্বাস বা প্রার্থনাৰ সাত্ব্ন্নাৰ পৰা বঞ্চিত৷ ঈশ্বৰ–চিন্তা কৰি বা প্রার্থনা কৰি সময় অতিবাহিত কৰাটো মোৰ পক্ষে অসম্ভৱ৷ বহু বছৰৰ আগতে ডাগ্ হেমাৰ্শ্বল্ডৰ বিষয়ে লিখা এখন নাতিদীর্ঘ ৰচনাত মই লিখিছিলোঁ– ‘আলফ্রেড কাজিনে আঁদ্রে জিদৰ জার্নালৰ বিষয়ে আলোচনা কৰি লিখিছিল– ‘কামেই সকলো শূন্যতা পূর্ণ কৰে৷ আধুনিক মানুহৰ জীৱনত ইহলোকৰ কামে পৰলোকত বিশ্বাসৰ ঠাই কিমান গভীৰভাৱে অধিকাৰ কৰিছে, সেই কথা জিদৰ নিচিনাকৈ দীর্ঘ জীৱন–যাপন নকৰা মানুহৰ পক্ষে উপলব্ধি কৰা সঁচাকৈয়ে কঠিন৷ জিদ আটাইতকৈ প্রটেষ্টাণ্ট তেতিয়া, –যেতিয়া তেওঁ জীৱনৰ প্রতিটো মুহূর্তৰ হিচাপ লয় আটাইতকৈ আধুনিক তেতিয়া, –যেতিয়া তেওঁ বিশ্বাস কৰে যে একমাত্র কামেইহে মানুহৰ আধ্যাত্মিক শূন্যতাক পূর্ণ কৰিব পাৰে৷’
আলফ্রেড কাজিনে মোৰ বিষয়েও একেখিনি কথাকে অলপ এৰাধৰাকৈ লিখিব পাৰিলেহেঁতেন৷
মোৰ নিজৰ কথা আজিলৈ ইমানতে এৰিলোঁ৷ মোৰ অস্ত্রোপচাৰৰ বেণ্ডেজ এতিয়াও মোৰ গাত লাগি আছে৷ বিছনাত শুই শুই কিতাপ পঢ়ি থাকোঁতে কিতাপখনত লিখা এটা সৰু কাহিনীয়ে মোৰ মন গভীৰভাৱে স্পর্শ কৰিলে৷ সেই কাহিনীটোকে চমুকৈ আপোনালোকক ক’ব খুজিছোঁ৷ আমেৰিকাৰ এখন চহৰত এগন উইলপার্ট নামৰ এজন মানুহ তেওঁৰ পত্নীৰ সৈতে বাস কৰিছিল৷ বহু বছৰ ধৰি তেওঁলোকৰ সন্তান নোহোৱাত তেওঁলোকে এটি ল’ৰাক তোলনীয়া পুত্র হিচাপে গ্রহণ কৰিলে৷ এগন আছিল এজন সুদক্ষ ৰাজমিস্ত্রী৷ আৰু আন কিবাকিবি অর্থকৰী বিদ্যাও আছিল৷ অর্থাৎ তেওঁৰ অৱস্থা আছিল সচ্ছল৷ তোলনীয়া পুত্রৰ আনন্দ–বিধানৰ কাৰণে এগনে অকাতৰে ধন খৰচ কৰিবলৈ ধৰিলে৷ মুঠতে তেওঁৰ ঘৰখন সুখ আৰু আনন্দেৰে ভৰি পৰিল৷ কিন্তু এগনৰ এই সুখ বেছিদিন স্থায়ী নহ’ল৷ এদিন হঠাৎ তেওঁৰ পত্নী মৰি থাকিল৷ এগনে তেওঁৰ পত্নীক নিজৰ প্রাণতকৈও বেছি ভাল পাইছিল৷ অকালতে পত্নীক হেৰুৱাই তেওঁ উন্মাদ হৈ পৰিল৷ আন বহুত মানুহে কৰাৰ দৰে এগনেও পত্নী–বিচ্ছেদৰ যন্ত্রণা পাহৰি থাকিবলৈ অতিপাতকৈ মদ খাবলৈ আৰম্ভ কৰিলে৷ অতি কম সময়ৰ ভিতৰতে তেওঁৰ অৱস্থা এনে হ’ল যে মদ নাখালে তেওঁ এক মুহূর্তও থাকিব নোৱৰা হ’ল৷ মদ খোৱাৰ লগৰীয়া বিচাৰি তেওঁ চহৰখনৰ আটাইবোৰ দুষ্ট–দগাবাজ মানুহক মদ খোৱাৰ সংগী হিচাপে তেওঁৰ ঘৰলৈ নিমন্ত্রণ কৰিলে৷ তেওঁৰ এসময়ৰ শান্তিপূর্ণ ঘৰখন হৈ পৰিল দুর্ঘোৰ মদপী আৰু অসভ্য মানুহৰ আড্ডা৷ তেওঁৰ তোলনীয়া ল’ৰাটো তেওঁৰ সংগত নিৰাপদ নহয় বুলি বিবেচনা কৰি স্থানীয় কর্তৃপক্ষই ল’ৰাটোক এখন অনাথ আশ্রমলৈ লৈ গ’ল৷ ইয়াৰ কেইদিনমানৰ পিছতে এগনে মদৰ নিচাত এজন মানুহৰ লগত কাজিয়া কৰি মাৰপিট কৰাত জে’ললৈ যাব লগা হ’ল৷ কিন্তু এগনৰ আচল শাস্তি তেতিয়াহে আৰম্ভ হ’ল– যেতিয়া তেওঁ জে’লৰ পৰা ঘৰলৈ ঘূৰি আহিল৷ ৰাজমিস্ত্রী হিচাপে তেওঁক কোনেও নিবিচৰা হ’ল৷ চুবুৰিটোৰ মানুহে তেওঁক সম্পূর্ণভাৱে এঘৰীয়া কৰিলে৷ কোনো মানুহেই তেওঁৰ ঘৰত ভৰি নিদিয়া হ’ল৷ তেওঁৰ ফুলনিখন বনৰীয়া হাবিয়ে গ্রাস কৰি পেলালে৷ এনেদৰেই সম্পূর্ণ অকলশৰীয়া হৈ তেওঁ আগতকৈ বেছি পৰিমাণে মদ খাবলৈ ধৰিলে৷ চুবুৰিটোত মাজে–সময়ে ঘটি থকা প্রতিটো সৰু–ডাঙৰ অপৰাধৰ কাৰণে মানুহে এগনকে জগৰীয়া কৰিবলৈ ধৰিলে৷ মুঠতে জীয়াই থাকোঁতেই এগন পৰিণত হ’ল এখন ভয়ংকৰ নৰকৰ এজন নিঃসংগ অধিবাসীত৷ মানুহৰ চকুত, আৰু এগনৰ নিজৰ চকুতো, তেওঁৰ জীৱনৰ কোনো মূল্য নোহোৱা হ’ল৷
এদিন এগন আপোনমনে কোনোবা এখন ঠাইলৈ গৈ আছিল৷ তেওঁৰ কোনো নির্দিষ্ট লক্ষ্য নাছিল৷ এনেতে এগনে আচৰিত হৈ দেখিলে যে তেওঁৰ বিপৰীত ফালৰ পৰা আহি থকা এজন চিনাকি মানুহ হঠাৎ তেওঁৰ সন্মুখত থমকি ৰ’ল৷ কেইবাবছৰ ধৰি এনে এটা ঘটনা এগনৰ জীৱনত ঘটা নাছিল৷ এগনক আৰু বেছি আচৰিত কৰি দি জন নামৰ সেই মানুহজনে ক’লে– ‘এগন, মোৰ এই সৌভাগ্য যে হঠাৎ তোমাক এনেকৈ লগ পাই গ’লোঁ৷ মোৰ ঘৰটোৰ এটা অংশৰ মেৰামতিৰ জৰুৰী প্রয়োজন হৈছে৷ অর্থাৎ তোমাৰ কাৰণেই এটা ভাল কাম ওলাইছে৷ কাইলৈ ৰাতিপুৱাতে তুমি মোৰ ঘৰলৈ আহিব পাৰিবানে?’
জনৰ প্রশ্ণৰ উত্তৰত এগনে বহুত পৰ একো কথাই ক’ব নোৱাৰিলে৷ স্থিৰ এপলক দৃষ্টিৰে তেওঁ কেৱল জনৰ মুখলৈ চাই ৰ’ল৷ এজন মানুহে তেওঁৰ লগত স্বাভাৱিকভাৱে কথা পাতিছে কিবা এটা কামৰ প্রয়োজনত এজন মানুহে তেওঁক বিচাৰিছে এতিয়াও আন কোনোবা এজন মানুহৰ জীৱনত তেওঁৰ প্রয়োজন আছে৷ … … অৱশেষত এগনে মুখৰ মাত বিচাৰি পালে– ‘জন, নিশ্চয় মই তোমাৰ কামটো কৰি দিম৷ নিশ্চয় মই কাইলৈ ৰাতিপুৱাতে তোমাৰ ঘৰত গৈ হাজিৰ হ’ম৷’
নিজৰ প্রতিশ্রুতি ৰক্ষা কৰি এগন যথাসময়ত জনৰ ঘৰত হাজিৰ হ’লগৈ৷ সেইদিনা অৱশ্যে তেওঁ মদ খায়ে জনৰ ঘৰলৈ গৈছিল৷ কিন্তু দ্বিতীয় দিনা এগনে নিজকে আচৰিত কৰি দি এটোপালো মদ মুখত নিদিয়াকৈ জনৰ ঘৰত কাম কৰিবলৈ গ’ল৷ কামটো কৰি শেষ হোৱাৰ পিছতো এগনে মদ খোৱাৰ প্রয়োজন অনুভৱ নকৰিলে, কাৰণ তেওঁ আৱিষ্কাৰ কৰিলে যে আন এজন মানুহৰ জীৱনত এতিয়াও তেওঁৰ প্রয়োজন আছে, আৰু আনৰ জীৱনত তেওঁৰ প্রয়োজন আছে কাৰণেই তেওঁৰ নিজৰ জীৱনতো তেওঁৰ প্রয়োজন আছে৷ মানুহৰ জীৱনৰ মূল্য কেৱল তেতিয়ালৈকেহে থাকে– যেতিয়ালৈকে আন কোনোবা নহয় কোনোবা এজন মানুহৰ জীৱনত তেওঁৰ প্রয়োজন থাকে৷

You might also like