গুৱাহাটী বিশ্ববিঃৰ উপাচার্যৰ নামত মেছেজ; অধ্যাপকৰ লক্ষাধিক টকা হৰলুকী
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক প্রতাপজ্যোতি সন্দিকৈৰ নামত প্রৱঞ্চক চক্রই ভুৱা একাউণ্ট খুলি অধ্যাপকৰ পৰা লক্ষাধিক টকা সৰকাই নিয়া ঘটনাই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ জানিব পৰামতে বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক অনুপ শইকীয়াৰ ম’বাইললৈ ১৪ আগষ্টৰ দিনা দিনা ৭৭২২৯৯১৮৩৬ নম্বৰৰ পৰা এটি হোৱাটছএপ মেছেজ আহিছিল৷ উপাচার্য প্রতাপজ্যোতি সন্দিকৈৰ নামত অহা মেছেজটোত সহায় বিচাৰি আহ্বান জনোৱাৰ লগতে এমাজন পেৰ গিফ্ট কুপন ক্রয় কৰাৰ বাবে অনুৰোধ জনাইছিল৷ উপাচার্যৰ নামত মেছেজ অহা বাবে অধ্যাপক শইকীয়াই লক্ষাধিক টকাৰ কুপন ক্রয় কৰে৷ কিন্তু বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এটি মেছেজযোগে সকলোকে উপাচার্যৰ নামত দুষ্টচক্রই এটি ভুৱা একাউণ্ট খুলি প্রৱঞ্চনাৰ জাল মেলা বুলি সতর্ক কৰি দিয়াৰ পিছতহে সকলো পোহৰলৈ আহে৷
মন কৰিবলগীয়া যে ইয়াৰ পূর্বেই পঞ্জীয়কগৰাকীয়ে সকলো অধ্যাপকলৈ এই সন্দর্ভত মেইল পঠাইছিল৷ কিন্তু অধ্যাপক শইকীয়াই মেইলটো খুলি নোচোৱা বাবে লক্ষাধিক টকা হেৰুৱাব লগা হয়৷ ঘটনা সন্দর্ভত অধ্যাপক অনুপ শইকীয়াই জালুকবাৰী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷