নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ভয়াৱহ আত্মঘাতী আক্রমণৰ পৰিকল্পনা তুৰষ্কৰ আই এছ বোমাৰুৰ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ ভাৰতত আত্মঘাতী আক্রমণৰ পৰিকল্পনা কৰা জেহাদী সংগঠন ইছলামিক ষ্টেট (আই এছ)ৰ আত্মঘাতী বোমাৰু ৰাছিয়াত গ্রেপ্তাৰ হৈছে৷ মধ্য এছিয়া অঞ্চলৰ লোক বুলি চিনাক্ত হোৱা আই এছৰ আত্মঘাতী বোমাৰুক ৰাছিয়াৰ এফ এছ বি (ৰাছিয়ান ফেডাৰেল ছিকিউৰিটী ছার্ভিচ)–এ গ্রেপ্তাৰ কৰাৰ পাছতে আত্মঘাতী বোমাৰুৱে ভাৰতত ভয়াৱহ আক্রমণৰ পৰিকল্পনাৰ তথ্য পোহৰলৈ আহিছে৷ পয়গম্বৰ মহম্মদক লৈ অপমানসূচক মন্তব্য কৰাৰ প্রতিশোধকল্পে আত্মঘাতী বোমাৰুটোৱে ভাৰতত ভয়াৱহ আক্রমণৰ লক্ষ্য লৈছিল৷ এফ এছ বিয়ে বিবৃতিযোগে প্রকাশ কৰা মতে মধ্য পূব এছিয়া অঞ্চলৰ দেশ তুৰস্কৰ লোক এজনক আই এছৰ শীর্ষ নেতাই ভাৰতত আত্মঘাতী আক্রমণ কৰাৰ বাবে নিযুক্তি দিছিল৷ ৰাছিয়াত থাকি তাৰ পৰা প্রয়োজনীয় তথ্যপাতি সংগ্রহ কৰি আত্মঘাতী বোমাৰুটোৱে ভাৰতত প্রৱেশৰ পৰিকল্পনা চলাই থাকোঁতেই গোপন সূত্রৰ ভিত্তিত এফ এছ বিয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ৰাছিয়াত নিষিদ্ধ ইছলামিক ষ্টেট আন্তর্জাতিক সন্ত্রাসবাদী সংগঠনটোৰ সদস্য তুৰস্কৰ লোক আত্মঘাতী বোমাৰুটোৱে ভাৰতত নিজকে উৰুৱাই দি ভয়াৱহ সন্ত্রাসবাদী আক্রমণৰ পৰিকল্পনা চলাইছিল৷ তুৰস্কত আত্মঘাতী বোমাৰু হিচাপে নিযুক্ত সদস্যই ৰাছিয়াৰ পৰাই ভাৰতত প্রৱেশৰ প্রয়োজনীয় তথ্যপাতি সংগ্রহ কৰি দেশখনত প্রৱেশৰ সিদ্ধান্ত লৈছিল৷ ধৃত আই এছ আত্মঘাতী বোমাৰুটোৱে ভিডি’যোগে ভাৰতত আক্রমণৰ পৰিকল্পনাৰ বিষয়ে স্বীকাৰোক্তি দিছে৷ এই ভিডি’ এফ এছ বিয়ে প্রচাৰ কৰিছে৷ উল্লেখ্য যে ৰাছিয়াত ভাৰতত আত্মঘাতী আক্রমণ চলাবলৈ সাজু হৈ থকা আই এছ সদস্য গ্রেপ্তাৰ কৰাৰ সময়তে আন এক তথ্য মতে কির্গিস্তান আৰু উজবেকিস্তানৰ পৰাও দুটা আত্মঘাতী বোমাৰুৱে ভাৰতত আক্রমণৰ বাবে সাজু হৈ থকাটো প্রকাশ পাইছে৷ ইয়াৰে এটা আত্মঘাতী বোমাৰু তুৰস্কৰ৷ তাৎপর্যপূর্ণ যে যোৱা ২৭ জুলাইত আই এছৰ নেটৱর্ক সন্দর্ভত সন্ত্রাসবিৰোধী স্কোৱাডে আলোচনাৰ অন্তত ৰাছিয়াত আই এছৰ আত্মঘাতী বোমাৰুৱে ভাৰতলৈ আহি আক্রমণৰ তথ্য লাভ কৰিছে বুলি মস্কো প্রশাসনক অৱগত কৰাৰ পাছতেই এফ এছ বিয়ে অনুসন্ধান চলায় আৰু আত্মঘাতী বোমাৰুটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ৰাছিয়াৰ পৰা প্রয়োজনীয় ভিছাসহ নথিপত্র লৈ আত্মঘাতী বোমাৰুটোৱে ভাৰতত প্রৱেশ কৰি বিজেপি আৰু আৰ এছ এছৰ নেতাক আত্মঘাতী আক্রমণেৰে হত্যাৰ ব্লুপ্রিণ্ট ৰচিছিল৷ পয়গম্বৰ মহম্মদক নূপুৰ শর্মা নামৰ প্রাক্তন বিজেপিৰ নেত্রী এগৰাকীয়ে অপমানসূচক মন্তব্য কৰাৰ প্রতিশোধকল্পে বিশ্বত্রাস জেহাদী সংগঠন আই এছে এই পৰিকল্পনা চলাইছে৷ ইপিনে, ৰাছিয়াত ভাৰতত আক্রমণ চলাবলৈ সাজু হোৱা আই এছ আত্মঘাতী বোমাৰু গ্রেপ্তাৰ হোৱাৰ পূর্বে কালি জম্মু–কাশ্মীৰৰ নৌচেৰা ছেক্টৰৰ চেহেৰমাক্রি অঞ্চলত নিষিদ্ধ সংগঠন লস্কৰ–ই–তৈবাৰ আত্মঘাতী বোমাৰু এজন নিৰাপত্তা বাহিনীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গ্রেপ্তাৰ কৰা আত্মঘাতী বোমাৰুটোক তবৰেক হুছেইন বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ বিৱৰণী মতে এল অ’ চিৰে ভাৰতত অনুপ্রৱেশ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে নিৰাপত্তা বাহিনীয়ে এল ই টিৰ দুর্ধর্ষ সদস্যজনক প্রত্যক্ষ কৰে আৰু খেদি গৈ কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ নিৰাপত্তা বাহিনীয়ে গুলীয়াই আহত কৰি তবৰেক হুছেইন নামৰ এল ই টিৰ দুর্ধর্ষ সদস্যজনক গ্রেপ্তাৰ কৰে৷

You might also like