গুৱাহাটী ৰে’ল ষ্টেচনত বস্তাই বস্তাই টকা–সোণৰ খাৰু জব্দ
নিয়মীয়া বাৰ্তা, ৪ মার্চঃ গুৱাহাটী ষ্টেচনত মঙলবাৰে আৰপিএফে অভিযান চলাই ১০টা সন্দেহজনক বস্তা জব্দ কৰে ৷ আৰপিএফে লাভ কৰা তথ্যৰ ভিত্তিত জব্দ কৰা বস্তাকেইটাৰ ভিতৰৰ পৰা ১০ টকীয়া, ২০ টকীয়া নোটৰ বাণ্ডিলৰ লগতে খুচুৰা পইচা আৰু ৩১ যোৰ সোণৰ খাৰু উদ্ধাৰ হয় ৷ আৰপিএফৰ শীর্ষ সূত্রই জানিবলৈ দিয়া মতে দুজন যুৱকে ১০টা বস্তা লৈ বুকিং কৰিবলৈ পার্ছেল অফিচলৈ আহিছিল ৷ আৰপিএফৰ এটা দলে সন্দেহবশতঃ যুৱককেইজনক সোধা–পোছা কৰাত কোনো সদুত্তৰ দিব পৰা নাছিল ৷ পিছত সুযোগ বুজি যুৱক দুজনে পলায়ন কৰে ৷ ইয়াৰ পাছতে আৰপিএফৰ দলটোৱে বস্তাকেইটা জব্দ কৰি থানালৈ আনে ৷ আৰপিএফৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত বস্তাকেইটা খোলাত বস্তাৰ ভিতৰত ১০ টকীয়া, ২০ টকীয়া নোটৰ কেইবাটাও বাণ্ডিল উদ্ধাৰ হয় ৷ আৰপিএফে বস্তাকেইটাৰ ভিতৰৰ পৰা সর্বমুঠ ৪ লাখ ৮৮ হাজাৰ ৯০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ ভিতৰত ৪,৯০০ টকা খুচুৰা পইচাও আছে ৷ বস্তাকেইটাত কলকাতাৰ ২৯ বৰতালা ষ্ট্রিটৰ গুড লাক কম নামৰ এটা প্রতিষ্ঠানৰ ঠিকনা উল্লেখ আছে ৷ কোনে এই বস্তাকেইটাত বৃহৎ পৰিমাণৰ ধন আৰু সোণৰ খাৰু পঠিয়াইছিল সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই৷ সম্প্রতি আৰপিএফে সমগ্র ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে ৷