নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ মহানগৰীৰ পার্শ্বৱর্তী চন্দ্রপুৰত দিনদুপৰতে এজন যুৱকে পিষ্টল দেখুৱাই এগৰাকী যুৱতীক ৰাজপথত পেলাই থৈ যোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগ অনুসৰি নুৰ আলী নামৰ যুৱক এজনে যুৱতীগৰাকীৰ লগত প্রেমৰ অভিনয় কৰি মঙলবাৰে হাতীগাঁৱৰ এখন হোটেলত নৈশ যাপন কৰে৷ ভণ্ড প্রেমিক নুৰে যুৱতীগৰাকীক খাদ্যৰ লগত নিচাযুক্ত দ্রব্য খুৱাই শাৰীৰিক নির্যাতন চলায়৷ তদুপৰি নিচাসক্ত যুৱতীগৰাকীক নগ্ণ কৰি অশ্লীল ভিডি’অ প্রস্তুত কৰি ভণ্ড প্রেমিক নুৰে ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে৷ আজি পুৱা নুৰে যুৱতীগৰাকীক চন্দ্রপুৰলৈ ফুৰাবলৈ আনে৷ যুৱতীগৰাকীয়ে অশ্লীল ভিডি’অ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ কথা জানিব পাৰি প্রেমিকৰে তর্কযুদ্ধত লিপ্ত হয়৷ ইয়াৰ পিছতে যুৱকজনে এই কথাক লৈ যুৱতীগৰাকীক প্রহাৰ কৰাৰ লগতে পিষ্টল উলিয়াই হত্যাৰ ভাবুকি দিয়ে৷ চন্দ্রপুৰৰ হাজোংবড়ী অঞ্চলৰ নির্জন ঠাইত যুৱতীগৰাকীক গাড়ীৰ পৰা গঁতা মাৰি পেলাই থৈ যায়৷ এই দৃশ্য প্রত্যক্ষ কৰি একাংশ স্থানীয় লোকে যুৱতীগৰাকীৰ পৰা ঘটনাৰ বুজ লৈ প্রাগজ্যোতিষপুৰ থানাত খবৰ দিয়ে৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি থানালৈ আনে৷ ঘটনা সন্দর্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে প্রাগজ্যোতিষপুৰ থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৪২/৩২৮/৩৫৪ (এ)/৩০৭/৫০৬/৬৬ এ ধাৰাৰ অধীনত ৩৮/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ লক্ষণীয় যে মহানগৰ আৰক্ষী আৰু প্রশাসনৰে হোটেল কর্তৃপক্ষৰ গোপন বুজাবুজিৰ বাবেই এনেদৰে হাতীগাঁৱৰ হোটেলত ভণ্ড প্রেমিকে এগৰাকী যুৱতীৰ সৈতে নৈশ যাপন কৰি অশ্লীল ভিডি’ প্রস্তুত কৰাৰ ঘটনা সংঘটিত হোৱা বুলি সর্বত্র চর্চা চলিছে৷