নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউনিক’ড আৰু ডিজিটেল অসমীয়া ভাষাৰ ক্রমবিকাশ

-ড০ আৰতি বৰা বৰুৱা

‘ৰাইজ আজি ভাৱৰীয়া, বিশ্বই নাটঘৰ’, ভূপেনদাৰ গীতশাৰীত মই ভুলতে বিশ্ব লিখা নাই৷ ‘দেশ’ৰ সলনি বিশ্ব দিয়াৰ এটা কাৰণ আছে৷ ‘ভাৱৰীয়া’ শব্দটো ইয়াত যোগদান, জড়িত হৈ থকা বা সক্রিয় হৈ থকাৰ প্রতীক হিচাপে ব্যৱহাৰ কৰা হৈছে৷ অসমীয়া ভাষাৰ ডিজিটেল ক্রমবিকাশত ৰাইজ সম্পূর্ণ আগ্রহী আৰু সক্রিয় হ’ব লাগিব৷ ফেচবুকত দু–আষাৰ অসমীয়া লিখাৰ পৰা গম্ভীৰ, গুৰুত্বপূর্ণ ভাষা চর্চা, চাহিদা অনুসৰি প্রিণ্ট, কনফাৰেন্স পেপাৰ বা পত্রিকা, অসমীয়া, ইংৰাজী, হিন্দী ভাষাৰ কনফাৰেন্স প্রচিডিংছ উলিওৱা সকলোবোৰ সহজ হৈ পৰিব লাগিব৷ ২০১৯ চনৰ ছেপ্ঢেম্বৰত অসমীয়া ভাষা বঙালীৰ তলৰ পৰা সমানলৈ অনাৰ পিছত ডিজিটেল অসমীয়া ভাষা চর্চাৰ অগ্রগতিৰ বাট মুকলি হ’ল, কিন্তু ক্রমোন্নতিৰ দায়িত্ব অসমীয়া চৰকাৰ আৰু ৰাইজৰ হাতত পৰিল৷ মই তলত উদাহৰণেৰে কিছু সূক্ষ্ম কথাত আলোকপাত কৰিছোঁ৷
মই আশা কৰিছোঁ আপোনালোক আটায়ে ফোনৰ চেটিং মেনুৰ লগত (সাধাৰণতে গিয়েৰ বক্সৰ আইকনেৰে বুজায়) পৰীক্ষা–নিৰীক্ষা কৰিছে৷ এই মেনুৰ পৰাLanguage and input বাlanguage and regionলৈ নেভিগেট কৰিadd language পালেগৈ বহুত ভাষাৰ নাম দেখিব৷ আপুনি যিকোনো ভাষা এটাই যোগ কৰিব পাৰে৷ ধৰক আপুনি চীন দেশলৈ গৈছে, তাত তাৰ সর্বসাধাৰণে ব্যৱহাৰ কৰা সস্তা বা জোখৰ পইচাত এটা ম’বাইল কিনিছে৷ ফোনটোত বেছিভাগ আইকনেই চীনা ভাষাত আছে৷ আপুনি যেনেতেনে ফোন এটা কৰিব বিচাৰিছে৷ আপুনি চেটিং মেনু বা গিয়েৰ বক্সৰ আইকনৰ পৰা নেভিগেট কৰিadd language পাওকগৈ৷ তাত এতিয়া ‘অসমীয়া’ ভৰাওক, আপুনি ভাষাখিনি অসমীয়ালৈ সলনি হোৱা দেখিব, অন্ততঃ ফোন এটা কৰিব পাৰিব৷
মই ইয়াত আমেৰিকাত বন্ধুবোৰক সঘনে লেপটপত ফৰাচী, আইচলেণ্ডিক আৰু ইংৰাজী ভাষাৰ ব্যৱহাৰ কৰি থকা দেখোঁ৷ মই এতিয়া আমাৰ ঘৰৰ দুটা ফোনৰ কথালৈ আহোঁ৷ দুয়োটাই এণ্ড্রইড ফোন, ছেমছাং গেলেক্সীৰ দুটা মডেল৷ এটা দুবছৰ আৰু আনটো চাৰি বছৰমান আগতে কিনা৷ নতুনটোত আমিadd language লৈ নেভিগেট কৰিkeyboard option পালোঁ৷ তাৰ লিষ্টতGBoard, Samsung keyboard আৰুSuift keyৰ যিকোনো এটা ল’বলৈ সুবিধা পালোঁ৷ দুয়োটাতেadd languageত অসমীয়া ভৰাওঁতে বেছিভাগ আইকনৰ তলৰ লেবেল বিলাক অসমীয়া হ’ল৷ উদাহৰণস্বৰূপেVioce mailটো মাত মেইল,Clockটো ঘড়ী হ’ল৷ চেটিঙৰ গিয়েৰ বক্সটোৰ নাম ইংৰাজীতে থাকিল৷ পুৰণাটোত কিন্তু কীবোর্ডৰ সুবিধা নাহিল৷ মই ‘এপ’ ব্যৱহাৰ কৰিSuift key ইনষ্টল instal) কৰাত বঙালী ফলিখনহে পালোঁ, মানে ‘ৰ’টো পেট কটা নহয়৷ যদিও যোৱাবছৰ ছেপ্ঢেম্বৰত নতুন ইউনিক’ডৰ আৰম্ভ হ’ল যদিও ইয়াৰ ফল পাবলৈ দুই তিনি বছৰ লাগিব পাৰে, বিশেষকৈ আইফোনত৷ ম’বাইলত ছফ্টৱেৰ আপডেট কৰি থাকে যদিও হার্ডৱেৰৰ বিসংগতি থাকিব পাৰে৷ হার্ডৱেৰ সলনি নোহোৱালৈকে আপডেটবোৰ যথোপযুক্ত নহ’ব পাৰে৷ যদি সকলো ঠিকেঠাকে হয়, হলেণ্ডত কিনা ফোনত অসমীয়া ভৰাই আইতায়ো এয়াৰপ’টৰ পৰা গুগ্লGoogle)ৰ ৰাস্তা নিদর্শন চাই হোটেল পাবগৈ৷ যদিও অসমীয়াই স্বতন্ত্রভাৱে ইউনিক’ড পোৱা নাই আন বাৰটাৰ লগত আছে, তথাপি অসমীয়াই হুৰাহুৰিকৈ আকৌISOলৈ যাব নাপায়৷ এতিয়া ভাষাৰ ট্রেন্সক্রিপচন বা বর্ণমালাৰ ফোনেটিকলৈ ধ্বনিৰ ৰূপান্তৰৰ কামটো বাকী আছে৷ এইটো এজনে বা সাহিত্য সভায়ো অকলে কৰা কাম নহয়৷linguistics, ভাষাবিদ, ৰাইজ সকলোকে লাগিব আৰু ৱেবছাইটত ইয়াৰ ক্রমবিকাশত ৰাইজে ভাগ ল’ব পাৰিব লাগিব৷ ইণ্টাৰনেচনেল ধ্বনিৰ ছার্টখন কৰাৰ কথা মই তলত বহলাই লিখিছোঁ৷ ইউনিক’ড বিষয়ত মই এখন ৰোডমেপ আকি তলত পইণ্ট বাই পইণ্ট লিখিছোঁ৷
(১) অসম চৰকাৰ আৰু ইণ্ডিয়ান ব্যুৰো অৱ ষ্টেণ্ডার্ডৰ ভাষা গ্রুপৰ লগত ভাল বুজাবুজিৰ দৰকাৰ, যাতে আগৰ নিচিনা একো ভুলেই আকৌ নহয় ইণ্টাৰনেচনেল বর্ণমালাৰ চার্টত অসমীয়া ভৰোৱাৰ পিছতো ৰাইজে বহল পৰীক্ষা–নিৰীক্ষা কৰিলেহে জানিব স্বতন্ত্র ইউনিক’ড লাগেনে নালাগে৷
(২) কীবোর্ড সম্পর্কে এতিয়া অসম বা ভাৰতৰ ৰাইজে সাধাৰণতে কিনা ফোনটোত যি ফলি পাইছে সেই ফলিখনকে ব্যৱহাৰ কৰে৷ এই ফলি সাধাৰণতে নন–ফনেটিক মানে শব্দধ্বনিৰ ওপৰত নহয়৷ অসমীয়াত কিছুমানে ৰ’দালি, লাচিত, লিপিকাৰ আৰু কিছুৱে হয়তো ইণ্ডিয়া চৰকাৰে দিয়াINSCRIPT ফলিখন ব্যৱহাৰ কৰিছে৷
(৩) শব্দ ধ্বনিৰে ভাষাৰ ট্রেন্সক্রিপচন কৰা কীবোর্ডৰ উদাহৰণ হ’ল গুগল ইণ্ডিক কীবোর্ড৷ ঘাই কথাটো হৈছে আপুনি ইংৰাজী কীবোর্ডখনকে ব্যৱহাৰ কৰিব পাৰিব৷ অর্থাৎ আপুনি টাইপ কৰিব ৰোমান আখৰত, ওলাব অসমীয়াত৷ আন এটা ভাষাৰ আখৰেৰে টাইপ কৰি আন এটা ভাষালৈ যোৱা বাবে ইয়াক ভাষাৰ ট্রেন্সক্রিপচন বোলে৷ ইয়াৰ বাবে শুদ্ধ ট্রেন্সক্রিপচন চার্ট থাকিব লাগিব৷ এই প্রণালীৰ সুবিধাবোৰ হৈছে যি ইংৰাজী ভাষাত খৰকৈ টাইপ কৰিব পাৰে তেওঁ আন এখন নতুন কীবোর্ডৰ লে–আউট শিকিব নালাগে৷ ডাক্তৰে শ্রুতলিপি দিয়া বা আন বহুত কথাত এই ব’র্ডে সহায় কৰে৷
(৪) এতিয়া গুগল অনুবাদত বহু ভাষাৰ পৰা বহু ভাষালৈ অনুবাদ কৰিব পাৰি৷ এতিয়া ইংৰাজীৰ পৰা হিন্দী, বাঙালী আদি আছে কিন্তু অসমীয়া নাই৷ অসমীয়া অতি কম সময়তে গুগ্ল ট্রেন্সলেচনত অন্তর্ভুক্ত হ’ব লাগে৷ এইটো এটা শিক্ষামূলক সঁজুলি৷ ল’ৰা–ছোৱালীক ইংৰাজী, হিন্দী আদি শিকাবলৈ ই অতি উপযোগী৷
(৫) চাহিদা অনুসৰি প্রিণ্ট– আজিকালি বহুত কিতাপ যেতিয়া দৰকাৰ হয় তেতিয়াহে প্রিণ্ট কৰে৷ তদুপৰি প্রিণ্টটো বেলেগ বেলেগ ঠাইত কৰা হয়৷ যিহেতুকে সকলো কাৰখানা নগৰতে হ’বলৈ ঠাই নাথাকে, ই অলপ দূৰৰ ঠাইত ছপা কৰিব পাৰে৷ ধৰক কনফাৰেন্সখন হ’ব ছিংগাপুৰত, পেপাৰ গ্রহণ কৰা কমিটীটো লণ্ডনত৷ তেওঁলোকে প্রচিডিংখন শেষ কৰি গোটেই ফাইলটো ছিংগাপুৰলৈ পঠাই দিব৷ ছিংগাপুৰত এখন প্রিণ্ট কৰি জোখমতে জেৰক্স বা ক’পী কৰি কিতাপখন বন্ধা হ’ব৷ প্রেছৰ কাম–কাজবোৰো অলপ সলনি হ’ব৷ যদি আইআইটি গুৱাহাটীত ছেপ্ঢেম্বৰত এখন টেক্স বুক লাগে, তিনি মাহমানৰ আগতে গুৱাহাটীৰ ওচৰে–পাঁজৰে সেই কিতাপ প্রিণ্ট কৰা হ’ব৷
(৬) অসম চৰকাৰৰ ৰাইজৰ বাবে এটা ৱেবছাইট থাকিব লাগে৷ কীবোর্ডৰ বিষয়ে, ট্রেন্সক্রিপচন আদিৰ বিষয়ত হোৱা আলোচনাবোৰ ইয়াত থাকিব লাগে৷linguisticsৰ আলোচনা আৰু ধ্বনিৰ চার্ট ইয়াতে ৰাখিব লাগে৷ মোৰ এই লেখাটোও তাতে ৰাখিব পাৰে৷ চাইনীজ ফোনত অসমীয়া পাওঁতে অসমীয়া ৰাইজৰ বাহিৰত কেনেকৈ অসমীয়া পাব তাৰ সম্পূর্ণ আলোকপাত নহৈছিল৷ সাধাৰণতে চাইনাই সকলো দেশলৈ একে মডেল ৰপ্তানি নকৰে, চাইনীজ মার্কেটখন এনেকুৱা– (ক) ভাৰতৰ কিছু প্রদেশ, দক্ষিণ–পূব এছিয়াৰ বাবে এটা ধৰণৰ ম’বাইলৰ উৎপাদন হয়, (খ) ইউৰোপৰ বাবে, (গ) আমেৰিকাৰ বাবে, (ঘ) আফ্রিকাৰ বাবে আৰু (ঙ) লাটিন আমেৰিকাৰ বাবে৷ ম’বাইলৰ মডেলবোৰৰ মাজত যথেষ্ট সালসলনি থাকিব পাৰে৷
ভাষাৰ ট্রেন্সক্রিপচন সম্ভৱপৰ হৈছে ইণ্টাৰনেচনেল ধ্বনিৰ বর্ণমালা, মানে আইপিএৰ International phonetic Alphabet) বাবদ৷ আইপিএত সকলো ধৰণৰ পার্থক্যবাচক শব্দবোৰৰ বাবে স্বৰ আৰু ব্যঞ্জনবর্ণ আছে৷ এই বর্ণমালা ১৮৮৮ চনতে হৈছিল৷ সকলো ভাষাই এই বর্ণমালাৰ এটা চাবছেটহে খুজি উলিয়ায়৷ এই মৌলিক ধ্বনিবোৰৰ বাবে ৰোমান আৰু গ্রীক প্রতীক ব্যৱহূত হয়৷ এই প্রতীকবোৰ দেখিলে অলপ ভয় লাগে যদিও কিজানিবা ডাঙৰ অংক আছে, ভয় কৰিবলগীয়া কথা নহয়৷ শব্দটোৰ লগত প্রতীকটো যুক্ত কৰিবলৈ অভ্যাস লাগে, সেইটোLinguisticsৰ কাম৷ ইংৰাজী ভাষাৰ উচ্চাৰণৰ ক্ষেত্রত নিজৰ বিশদ প্রণালীবোৰ আছিল যদিও ইংৰাজীৰ বাবে এই ট্রেন্সক্রিপচন কৰা হৈছে৷ আৰু সহজেই পোৱা যায়৷ মই বঙালী ভাষাৰ ট্রেন্সক্রিপচন দেখিছোঁ আৰু হিন্দী ভাষাৰ ৱেবছাইটত কাম হৈ থকা দেখিছোঁ৷ অসমীয়াও এই কামটোত বিশদভাৱে জড়িত হ’ব লাগে৷ অসমীয়া ভাষা যদিও ফোনেটিক বুলি কোৱা হয়, স (অসম), শ (আকাশ), ষ (বৰষুণ), ঢ় (পঢ়া), ৰ পৰা, ক্ষ (পৰীক্ষা), খ (খাৰ) আদিত উচ্চাৰণৰ সূক্ষ্ম পার্থক্য আছে৷ আৰু বহুতো উদাহৰণ দিব পাৰি৷ মন কৰিবলগীয়া যে অসমত দুটা থালযুক্ত হৈ আছে৷ এটা হিন্দী ভাষাৰ দৰে আর্য থালটো, যিটো মই হিমালয়ৰ দক্ষিণৰ বুলি কওঁ৷ ইটো থাল, ইণ্ডো তীব্বতীয়, হিমালয়ৰো উত্তৰৰ আৰু পশ্চিমৰ দেশবোৰৰ পৰা অহা৷ ধ্বনিৰ চার্টখন শুদ্ধকৈ হ’লে অসমীয়া ভাষাৰ আৰু এটা পদক্ষেপ হ’ব, বড়ো, তিব্বতীয়, নগা আদি শব্দৰ উৎস, মিহলি আদি ফটফটীয়া হৈ পৰিব৷
মই আজি শ্রী হোমেন বৰগোহাঞি ডাঙৰীয়াক এই ভাষাৰ ট্রেন্সক্রিপচন প্রজেক্টটোত আগ্রহী হ’বলৈ আৰু পাৰিলে নেতৃত্ব দি ডিজিটেল অসমীয়া ভাষাক আৰু এখোপ ওপৰলৈ নিবলৈ আন্তৰিকভাৱে অনুৰোধ কৰিলোঁ৷

You might also like