নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে আকস্মিকভাৱে অসুস্থ হৈ পৰা জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাক সংগ দিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকাই। জুবিনৰ পৰিশ্ৰমৰ বিপৰীতে কষ্ট বহু বেছি হৈছে আৰু কিছু দিন জিৰণি ল’লেই সকলো সুস্থিৰ হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। লগতে প্ৰবীন গান্ধীবাদী নেত্ৰী হেম ভৰালীৰ স্বাস্থ্যৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে। প্ৰায় এমাহ ধৰি চিকিৎসাধীন হৈ থকা নেত্ৰীগৰাকীৰ চিকিৎসাৰ সমস্ত ব্যয় ৰাজ্যচৰকাৰে বহন কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like