নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্ৰিলত অনুষ্ঠিত হ’ব কটন বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰী: চলিত বৰ্ষৰ এপ্ৰিল মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ’ব কটন বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ । য’ত ২০১৭-১৯ বৰ্ষৰ সময়ছোৱাৰ ভিতৰত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক এই অনুষ্ঠানত ডিগ্ৰীসমূহ প্ৰদান কৰা হ’ব ।

সেই উদ্দেশ্যে অনলাইন পঞ্জীয়ন সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক ৱেবছাইট (www.cottonuniversity.ac.in) ত বিস্তাৰিতভাৱে উপলব্ধ হ’ব ।

উল্লেখ্য যে এইক্ষেত্ৰত কেৱল অনলাইন পঞ্জীয়ন ব্যৱস্থাহে ৰখা হৈছে । কটন বিশ্ববিদ্যালয় প্ৰশাসনে উক্ত অনুষ্ঠানত সংশ্লিষ্ট সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে । ইতিমধ্যে বিশ্ববিদ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰা হৈছে ।

You might also like