দুবছৰ ধৰি বিদ্যুৎ সংযোগ বিচ্ছিন্নঃ এশ এবুৰি সমস্যাৰে ভাৰাক্রান্ত জনশিমলুবাসী
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ বাট–পথৰ দুৰৱস্থা আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱকে ধৰি এশ এবুৰি সমস্যাৰে ভাৰাক্রান্ত মহানগৰীৰ জনশিমলু অঞ্চল ৷ যাতায়াতৰ দুর্ভোগ আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱৰ লগতে দীর্ঘদিন ধৰি বিদ্যুৎ কর্তন কৰাত জনশিমলুত বসবাস কৰা লোকসকলে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে ৷
আমচাং অভয়াৰণ্যৰ বন বিভাগে ২০১৭ বর্ষৰ ২৮ নৱেম্বৰত চলোৱা উচ্ছেদৰ সময়ছোৱাৰে পৰা বৃহত্তৰ জনশিমলু অঞ্চলৰ বিদ্যুৎ কর্তন কৰা হয় যদিও আজিপর্যন্ত শক্তি বিভাগে অঞ্চলটোৰ বিদ্যুৎ সংযোগ দিয়া নাই ৷
ফলত নিশা হ’লেই অন্ধকাৰত ডুব যায় বৃহত্তৰ জনশিমলুৰ বতাহঘুলি, বগৰীতল আৰু গাৰোবস্তিৰ বিস্তীর্ণ এলেকা ৷ তদুপৰি দীর্ঘদিন ধৰি বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰাত অঞ্চলটোৰ ছাত্র–ছাত্রীসকলে অধ্যয়নৰ ক্ষেত্রত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে ৷ বিদ্যুৎ নথকাৰ বাবে পাহাৰীয়া অঞ্চলৰ বাট–পথত থকা ষ্টীট লাইটসমূহ বন্ধ হৈ পৰাত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুষৃকতিকাৰীয়ে অঞ্চলটোত বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰা বুলি একাংশ স্থানীয় লোকে জানিবলৈ দিছে ৷
আনহাতে বিশুদ্ধ খোৱাপানীৰ অভাৱত স্থানীয় লোকে নিজৰাৰ পানী ব্যৱহাৰ কৰি আহিছে যদিও এইক্ষেত্রত বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ অৱশ্যে একাংশ লোকে কুঁৱাৰ পানী ব্যৱহাৰ কৰি দিন পাৰ কৰিছে ৷
একেদৰে মেৰামতিৰ অভাৱত অঞ্চলটোৰ বাট–পথসমূহ জহি–খহি গৈছে ৷ সেয়ে শীঘ্রে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ লগতে পুনৰ বিদ্যুৎ সংযোগৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় লোকে জিলা প্রশাসনক আহ্বান জনাইছে ৷