দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ কলৰৱেৰে মুখৰ দীপৰ বিল
জলবায়ু পৰিৱর্তন, ভিন্ন পাৰিপার্শ্বিক কাৰণত হ্রাস পাইছে বিহংগৰ আগমন
নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ শীতৰ আগমনৰ লগে লগে দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ কলৰৱেৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ একমাত্র পক্ষী অভয়াৰণ্য দীপৰ বিল৷ দীপৰৰ বুকুত দিনে–নিশাই জলকেলি কৰি আত্মহাৰা হৈ পৰিছে বিহংগৰ জাক৷
উল্লেখ্য যে প্রত্যেক বছৰে নৱেম্বৰ মাহৰ মাজভাগৰ পৰা দীপৰ বিললৈ আগমন ঘটে দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ৷ ছাইবেৰিয়া, চীন, অষ্ট্রেলিয়া, দক্ষিণ আফ্রিকা, ঘানা, নিউগিনি, কানাডা আদি ৰাষ্ট্রৰ পৰা হাজাৰ হাজাৰ মাইল দূৰত্ব অতিক্রম কৰি পৰিভ্রমী পক্ষীৰ জাক দীপৰ বিললৈ আহে৷ কিন্তু এইবেলি পৰিভ্রমী পক্ষীৰ উপস্থিতি দীপৰ বিলত তেনেই সেৰেঙা বুলি বিলখনৰ দাঁতিকাষৰীয়া লোকসকলে মত ব্যক্ত কৰিছে৷ জলবায়ু পৰিৱর্তনেই ইয়াৰ অন্যতম কাৰক হিচাপে চিহ্ণিত হৈছে৷
কিয়নো, দুদিনমান আগলৈকে গুৱাহাটী মহানগৰীত অনুভূত হোৱা নাছিল শীতৰ মাদকতা৷ মহানগৰীৰ চৌদিশে থকা প্রতিখন পাহাৰতে কম বেছি পৰিমাণে হৈছে অবাধ বেদখল৷ পাহাৰ ভৈয়ামৰ গছ–গছনি কাটি তহিলং কৰাৰ পৰিণতিত স্বাভাৱিকতে ব্যাপক পৰিৱর্তন ঘটিছে জলবায়ুৰ৷
তদুপৰি ৰাজ্যৰ একমাত্র পক্ষী অভয়াৰণ্য হিচাপে পৰিচিত দীপৰ বিলৰ চাৰিওফালে গঢ়ি উঠিছে অসংখ্য উদ্যোগ–কাৰখানা৷ উদ্যোগ–কাৰখানাৰ পৰা নির্গত ধোঁৱা, বর্জিত দূষিত পানী আৰু বিকট শব্দই দীপৰ বিললৈ পৰিভ্রমী পক্ষীৰ আগমনত বাধাৰ সৃষ্টি কৰিছে৷ গুৱাহাটী পৌৰ নিগমে দীপৰ বিলক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰাৰ লগতে গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণে গুৱাহাটীৰ বর্জিত আৰু দূষিত পানী দীপৰ বিলত পেলোৱাৰ ব্যৱস্থা কৰিছে৷ ফলত ভয়াৱহভাৱে প্রদূষিত হৈ পৰিছে দীপৰৰ জলৰাশি৷
এনেবোৰ ভিন্ন পাৰিপার্শ্বিক কাৰণত দীপৰ বিললৈ দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ আগমন যথেষ্ট হ্রাস পোৱা বুলি স্থানীয় লোকসকলে মত ব্যক্ত কৰিছে৷ অৱশ্যে বিগত দুদিন ধৰি শীতৰ মাদকতা নামি অহাৰ পিছত দীপৰ বিললৈ পৰিভ্রমী পক্ষীৰ আগমন ঘটিব বুলি আশা ব্যক্ত কৰিছে দাঁতিকাষৰীয়া লোকসকলে৷ হয়তো কিছুদিন পিছতে হাজাৰ হাজাৰ দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ জলকেলি আৰু কলৰৱেৰে মুখৰিত হৈ পৰিব দীপৰ বিলৰ বুকু৷