নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অভিনৱ প্রতিবাদ ব্যৱসায়ীৰ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে বিভিন্ন দল–সংগঠনৰ প্রতিবাদ অব্যাহত থকাৰ মাজতে পদূলি পালেহি অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু৷ আন্দোলনৰ মাজতে হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ ৰাজ্যবাসীয়ে একপ্রকাৰ সাজু হৈছে৷ সমগ্র ৰাজ্যকে ধৰি গুৱাহাটী মহানগৰীৰ চৌদিশে এতিয়া ভোগালী বিহুৰ ব্যাপক প্রস্তুতি চলিছে৷ বিহুত লগে–ভাগে সপৰিয়ালে এসাঁজ খোৱাৰ বাবে অসমীয়াই ভোগালীৰ পিঠা–পনা, দৈ–ক্রীম আৰু অন্যান্য সামগ্রী প্রস্তুত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হৈছে৷

অভিনৱ প্রতিবাদ

বিহুৰ প্রাক্মুহূর্তত বিগত বছৰৰ দৰে এইবেলিও বৰসমৰ উদ্যোগত মহানগৰীৰ দীঘলীপুখুৰীপাৰস্থিত্ লক্ষীধৰ বৰা ক্ষেত্রত প্রাক্–ভোগালী মেলাৰ আয়োজন কৰা হৈছে৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা এই প্রাক্–ভোগালী মেলাত মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা আত্মসহায়ক গোট তথা মহিলাসকলে বিক্রীৰ বাবে লৈ আহিছে বিভিন্ন প্রকাৰৰ পিঠা–পনা, দৈ–ক্রীম আৰু খাদ্য সম্ভাৰ৷

উল্লেখ্য যে বৰসমৰ উদ্যোগত আয়োজন কৰা এই মেলাৰ প্রতিখন বিপণীত নাগৰিকত্ব সংশোধনী আইনবিৰোধী ফলক আঁৰি থোৱা পৰিলক্ষিত হৈছে৷ প্রতিখন বিপণীৰ গৰাকীয়ে নিজ নিজ দোকানত ‘কা আমি নামানো’ শীর্ষক ফলক আঁৰি থোৱাৰ লগতে ‘ন’ কা’ লিখা বেজ পৰিধান কৰি জাতিধ্বংসী এই আইনখনৰ বিৰুদ্ধে অভিনৱ প্রতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷

কর্মসংস্কৃতিৰ মাজতে ‘কা’ৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিবলৈ প্রচেষ্টা অব্যাহত ৰখা বুলি একাংশ বিপণীৰ গৰাকীয়ে মন্তব্য কৰে৷ ১৪ জানুৱাৰীলৈ চলিবলগীয়া এই প্রাক্–ভোগালী মেলাত সৰভোগৰ দৈ, ৰামদিয়াৰ ক্রীমকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ পিঠা–পনা আৰু ভোগালীৰ সামগ্রী উপলব্ধ হ’ব৷

You might also like